নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাগ্রামা মহিলাৰীক অকলশৰীয়া কৰি বিপিএফৰ প্রাক্তন ইএম বিজিত গৌড়া নার্জাৰী বিজেপিলৈ

নিয়মীয়া বাৰ্তা, ২৯ মেঃ বিটিচি নির্বাচনৰ পাছৰে পৰাই বি পি এফলৈ নামি অহা বিপর্যয়ে এতিয়াও লগ এৰা নাই দলটোক৷ বি পি এফৰ জ্যেষ্ঠ নেতা বিশ্বজিৎ দৈমাৰী আৰু ইমানুৱেল মুছাহাৰীৰ বি পি এফ ত্যাগৰ লগতে আন কেইবাজনো পাৰিষদে দলটোৰ পৰা আঁতৰি অহাৰ পাছত এইবাৰ হাগ্রামা মহিলাৰীৰ ঘনিষ্ঠ তথা দৰঙাজুলি পৰিষদীয় সমষ্টিৰ প্রাক্তন বি পি এফৰ কার্যবাহী সদস্য বিজিত গৌড়া নার্জাৰীয়ে বি পি এফ এৰি বিজেপিত যোগদান কৰে৷ একেৰাহে তিনিবাৰকৈ এম চি এল এ হিচাপে নির্বাচিত হোৱা বিজিত গৌড়া নার্জাৰীয়ে শুকুৰবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ উপস্থিতিত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে৷

বি পি এফৰ জ্যেষ্ঠ নেতাজনক দলীয় গলবস্ত্রৰে বিজেপিলৈ আদৰণি জনায় সভাপতি দাসে৷ সেই উপলক্ষে হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়ত আয়োজিত এক অনুষ্ঠানত বিজেপিত যোগদান কৰি বিজিত গৌড়া নার্জাৰীয়ে বি টি এ ডি অঞ্চলত অনাগত সময়ছোৱাত বিকাশৰ ধাৰা অধিক ত্বৰান্বিত কৰাৰ বাবে বিজেপিত যোগ দিয়া বুলি মন্তব্য কৰে৷

আনহাতে, অনুষ্ঠানত সভাপতি ৰঞ্জিত দাসে কয় যে বিজেপি কেৱল এটা ৰাজনৈতিক দল নহয়, ই এটা মিছন৷ এই মিছনৰ লক্ষ্যত উপনীত নোহোৱালৈকে দলে অবিৰতভাৱে কাম কৰি যাব৷ শেহতীয়া বিধানসভা নির্বাচনৰ প্রসংগত সভাপতিগৰাকীয়ে কয় যে বিটিচিৰ ১২টা সমষ্টিত বিজেপি আৰু মিত্রজোঁটে ৮ লাখ ৬২ হাজাৰ ১৮১টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্রেছ নেতৃত্বাধীন মহাজোঁটে ৬ লাখ ৫১ হাজাৰ ৭৩টা ভোটহে লাভ কৰিবলৈ সক্ষম হৈছে৷

ইফালে এই অনুষ্ঠানতে সভাপতি ৰঞ্জিত দাসে সদ্যসমাপ্ত নির্বাচনৰ ফলাফল সন্দর্ভত বুথ ভিত্তিক পর্যালোচনা চলোৱাৰ বাবে ৰাজ্যৰ ১৪টা লোকসভা সমষ্টিত একোগৰাকী পর্যবেক্ষক নিয়োগ কৰা হৈছে বুলি উল্লেখ কৰে৷ এই অনুষ্ঠানত দলৰ সাধাৰণ সম্পাদক তথা সাংসদ পল্লৱলোচন দাস, ৰাজ্যিক উপ–সভাপতি স্বপ্ননীল বৰুৱা, মিহিনেশ্বৰ বসুমতাৰী, প্রাক্তন বিধায়ক বলেন মুছাহাৰীকে ধৰি কেইবাজনো দলীয় কার্যকর্তা উপস্থিত থাকে৷

You might also like