নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিত্ত বিভাগৰ নির্দেশনাঃ কর্মচাৰী সংগঠনৰ আহ্বান মর্মে কর্তন হ’ব এদিনৰ দৰমহা

নিয়মীয়া বাৰ্তা, ২৯ মেঃ ক’ভিডৰ বিৰুদ্ধে অৱতীর্ণ হোৱা যুঁজখনত ৰাজ্য চৰকাৰক সহায় কৰিবলৈ মুকলি মনেৰে আগবাঢ়ি আহিছে কর্মচাৰী সংগঠনসমূহ৷ সদৌ অসম কর্মচাৰী পৰিষদকে ধৰি   কেইবাটাও সংগঠনে মুখ্যমন্ত্রীৰ দুর্যোগ সাহায্য পুঁজিলৈ এদিনৰ দৰমহা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল৷ সেইমর্মে প্রতিগৰাকী কর্মচাৰীৰ এদিনৰ দৰমহা কর্তন কৰি মুখ্যমন্ত্রীৰ সাহায্য পুঁজিত জমা দিবলৈ বিত্ত বিভাগে ৰাজ্যৰ কোষাগাৰসমূহক নির্দেশ দিছে৷

ইফালে, আই এ এছ আৰু এ চি এছ সংগঠনসমূহে তেওঁলোকৰ দুদিনৰ দৰমহা মুখ্যমন্ত্রীৰ দুর্যোগ সাহায্য পুঁজিলৈ প্রদানৰ সিদ্ধান্ত লৈছে৷ আই এ এছ আৰু এ চি এছ সংগঠনৰ অনুৰোধমর্মে এই বিষয়াসকলৰ দুদিনৰ দৰমহা কর্তন কৰা হ’ব৷ অৱশ্যে ৰাজ্যপালৰ সচিবালয়, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ লগতে ন্যায়ালয়ৰ কর্মচাৰীসকলৰ কোনো দৰমহা কর্তন কৰা নহয়৷

You might also like