নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডত আক্ৰান্ত হৈ তামুলপুৰৰ UPPLৰ বিধায়ক লেহোৰাম বড়োৰ দেহাৱসান

ক’ভিডত আক্ৰান্ত হৈ GMCHত চিকিত্সাধীন হৈ আছিল বড়ো

নিয়মীয়া বাৰ্তা, ২৯ মেঃ ইউপিপিএলৰ তামুলপুৰ সমষ্টিৰ বিধায়ক লেহোৰাম বড়োৰ আকস্মিক বিয়োগ ৷ গ্ৰামোন্নয়ন বিভাগৰ প্ৰাক্তন বিষয়া বড়োৱে প্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈছিল ৷ ২০২১ চনৰ বিধানসভাৰ নিৰ্বাচনত ইউপিপিএল দলৰ পৰা জয়ী হৈ আহিছিল প্ৰাৰ্থীগৰাকী ৷ ক’ভিডত আক্ৰান্ত হৈ জিএমচিএইচত চিকিৎসাধীন হৈ আছিল তামুলপুৰৰ বিধায়কগৰাকী ৷

বিধায়ক বড়োৰ মৃত্যুত বিটিআৰ অঞ্চলৰ লগতে সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পৰিছে ।‌ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে বিধায়ক গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ।‌

উল্লেখ্য যে, গ্ৰামোন্নয়ন বিভাগৰ বিডিঅ’ হিচাপে চাকৰিত যোগ দিয়াৰ আগতে বড়োৱে শিক্ষকতা কৰিছিল ৷ ইয়াৰ লগতে এগৰাকী কুইজ পৰিচালক হিচাপেও জনপ্ৰিয় আছিল বিধায়ক লেহোৰাম বড়ো ।‌

You might also like