নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰী ভূমিত অবৈধভাৱে নির্মাণ কৰা ক্রেচাৰ–শ্রমিকৰ শিবিৰ উচ্ছেদ

নিয়মীয়া বাৰ্তা, ২৯ মেঃ লখিমপুৰ জিলাৰ বগীনদী থানাৰ অন্তর্গত লালপানীত শুকুৰবাৰে কদম ৰাজহ চক্র বিষয়া আৰু আৰক্ষীয়ে অভিযান চলাই চৰকাৰী ভূমিত অবৈধভাৱে নির্মাণ কৰি থকা শিলভঙা ক্রেচাৰ মেচিনৰ লগতে গৃহ নির্মাণত ব্যৱহাৰ কৰা এখন ট্রেক্টৰ, ৰ’ড, চিমেণ্ট, মর্টৰ, বিদ্যুৎ যোগান ধৰা তাঁৰ আদি সামগ্রী জব্দ কৰাৰ লগতে শ্রমিকৰ অস্থায়ী ঘৰ উচ্ছেদ কৰে৷ উল্লেখ্য যে লালপানী হাইস্কুলৰ সমীপত তথা লালপানীৰ চয়েলখ্যাত সেউজ ক্ষেত্রৰ গাতে লাগি থকা প্রায় ১২ বিঘা প্রশাসনৰ অনুমতি নোলোৱাকৈ দীর্ঘ দিনৰ পৰাই গাঁৱৰ মাজত জনস্বাস্থ্যৰ আৰু পাৰিপার্শ্বিক পৰিৱেশৰ কথা চিন্তা নকৰি বগীনদী থানাৰ অন্তর্গত কদম কছাৰীৰ এজন যুৱকে শিলভঙা ক্রেচাৰ মেচিন নির্মাণৰ উদ্দেশ্যে নির্মাণকার্য অব্যাহত ৰাখিছিল৷ কিন্তু চৰকাৰী ভূমিত এনেদৰে জনবসতিপূর্ণ অঞ্চলত অবৈধভাৱে ক্রেচাৰ মেচিন স্থাপনৰ উদ্দেশ্যে নির্মাণকার্য চলি থকা কথা স্থানীয় ৰাইজৰ পৰা অৱগত হৈ কদম ৰাজহচক্রৰ চক্র বিষয়াই তদন্ত চলাই আছিল৷

যদিও তদন্ত কালত অর্ধনির্মিত অৱস্থাত থকা উক্ত গৃহৰ নির্মাণৰ লগত জডিত লোকৰ সন্ধান পাবলৈ সক্ষম হোৱা নাছিল৷ কিন্তু আজি স্থানীয় খবৰৰ ভিত্তিত সেই স্থানত নির্মাণকার্য চলি থকা বুলি জানিব পাৰি লগে লগে ৰাজহ চক্রৰ কার্যলয়ৰ কর্মচাৰীৰ সৈতে বগীনদী আৰক্ষীক লগত লৈ নির্মাণস্থলীত উপস্থিত হৈ নির্মাণকার্য প্রত্যক্ষ কৰে৷ ইয়াৰ পিছতেই চক্র বিষয়াই উক্ত নির্মাণকার্য অবৈধ বুলি ঘোষণা কৰি নির্মাণকার্যত ব্যৱহূত সকলো সামগ্রী জব্দ কৰাৰ নির্দেশ দিয়াৰ লগতে নির্মাণকার্যৰ বাবে দীর্ঘা নদীৰ সমীপৰ পৰা অবৈধভাৱে বালি কঢ়িয়াই থকা এখন ট্রেক্টৰ জব্দ কৰাৰ লগতে নির্মাণকার্যত নিয়োজিত শ্রমিকৰ অস্থায়ী ঘৰ উচ্ছেদ কৰে৷ নির্মাণস্থলীত আহি উপস্থিত হোৱা ক্রেচাৰ মেচিনৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে কদম ৰাজহ চক্র বিষয়াই বগীনদী থানাত গোচৰ ৰুজু কৰিছে৷ আজিৰ অভিযানত কদম ৰাজহ চক্র কার্যালয়ৰ সংলগ্ণ ৰাজহ বিষয়া ইলিমা কাণ্ডুলানা, কাননগো পুতুল শইকীয়া, লাট মণ্ডলসকলৰ লগতে বগীনদী থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া উত্তম অধিকাৰী, বগীনদী উন্নয়ন খণ্ডৰ উন্নয়ন বিষয়া চালেহ হেদায়ৎ হুছেইন উপৰি স্থানীয় থৌ থুৱনি পঞ্চায়তৰ বিষয়া–কর্মচাৰীসক উপস্থিত থাকে৷

You might also like