নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জম্মু-কাশ্মীৰৰ স্বাস্থ্য প্রতিষ্ঠানসমূহত ইন্টাৰনেট সেৱা বাহাল

নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ স্বাস্থ্য প্রতিষ্ঠানসমূহত ইন্টাৰনেট সেৱা বাহাল ৰখাৰ নিৰ্দেশ জাৰি কৰিছে । অৱশ্যে বাকী অঞ্চলসমূহত ইন্টাৰনেট সংযোগ ৰাজ্যখনৰ বৰ্তমানৰ  পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিহে বাহাল ৰখা হৈছে ।

কাশ্মীৰ জোন আৰক্ষীয়ে জনায় যে কাশ্মীৰ উপত্যকাৰ স্বাস্থ্যবিভাগৰ অন্তৰ্গত স্বাস্থ্যকেন্দ্ৰ আৰু সংযুক্ত স্বাস্থ্যকেন্দ্র সহ মুঠ ৮০ খন চৰকাৰী চিকিৎসালয়ত ব্রডবেণ্ড ইন্টাৰনেট সেৱা বাহাল ৰখা হৈছে ।

 ইয়াৰ পূৰ্বে ৩১ ডিচেম্বৰৰ নিশা এছ এম এছ সেৱা দিয়া হৈছিল । লগতে ১৪ অক্টোবৰত প’ষ্টপেড ম’বাইল সেৱা বাহাল কৰা হৈছিল ।

উল্লেখ্য যে জম্মু-কাশ্মীৰত ৩৭০ অনুচ্ছেদ বাতিল হোৱাৰ পিছতে কেন্দ্রই সুৰক্ষা ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি ম’বাইল আৰু লেণ্ডলাইন সেৱা স্থগিত কৰিছিল ।

You might also like