মুখ্যমন্ত্রী ড০ শর্মাৰ বিৰুদ্ধে আপত্তিজনক মন্তব্যঃ ধেমাজিৰ যুৱকক গ্রেপ্তাৰ মহানগৰ আৰক্ষীৰ
নিয়মীয়া বাৰ্তা, ২৯ মেঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বিৰুদ্ধে ফেচবুকত আপত্তিজনক মন্তব্য কৰাৰ বাবে গুৱাহাটীৰ গডচুক আৰক্ষী থানাত এজন লোকে দিয়া গোচৰৰ ভিত্তিত শুকুৰবাৰে ধেমাজি জিলাৰ গোগামুখৰ পৰা এজন যুৱকক আৰক্ষীয়ে আটক কৰিছে৷ ধৃত যুৱকজন হ’ল নিপম চুতীয়া৷
প্রাপ্ত তথ্য মতে, নিপম চুতীয়াই নিজৰ ফেচবুক পোষ্টত তিনি দিন পূর্বে মুখ্যমন্ত্রী ড০ শর্মা এসময়ত দুই নং আলফা আছিল আৰু ধন সংগ্রহ কৰিছিল বুলি উল্লেখ কৰে৷ মন্তব্যটো ভাইৰেল হোৱাৰ পিছত গুৱাহাটীৰ গণেশপাৰা অঞ্চলৰ মাধুর্য শর্মা নামৰ লোক এজনে মুখ্যমন্ত্রীৰ দৰে অতি উচ্চ পদমর্যাদাৰ ব্যক্তি এজনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ বাবে গডচুক থানাত এজাহাৰ দাখিল কৰে৷ থানাত এই সন্দর্ভত নিপম চুতীয়াৰ বিৰুদ্ধে আই টি আইন ৬৭ৰ অধীনত আৰু ভাৰতীয় দণ্ড বিধিৰ অধীনত ২৯৯ এ/৫০৬/৫৭১ ধাৰাত ৩৫৩/২০২১ নম্বৰৰ এটা গোচৰ ৰজু কৰা হয়৷
অৱশেষত নিপম চুতীয়াৰ অৱস্থিতি গোগামুখত নিশ্চিত হোৱাৰ পিছত থানাৰ ভাৰপ্রাপ্ত বিষয়া নিৰঞ্জন বৰুৱাৰ নির্দেশত কালি এটা আৰক্ষীৰ দল পুৱাই গোগামুখলৈ ৰাওনা হয়৷ তাত স্থানীয় আৰক্ষীৰ সহযোগত নিপম চুতীয়াক গ্রেপ্তাৰ কৰি গডচুক থানালৈ অনা হয়৷ সম্প্রতি থানাত ধৃত নিপমক আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকলে জেৰা কৰি আছে৷ কাইলৈ তেওঁক আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱাৰ কথা৷