নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলিগড়ৰ সুৰা ট্রেজেডীঃ মৃত্যুৰ সংখ্যা ২২জনলৈ বৃদ্ধি, গ্রেপ্তাৰ ৫

নিয়মীয়া বাৰ্তা, ৩০ মেঃ উত্তৰ প্রদেশৰ সুৰা ট্রেজেডীৰ ঘটনাত মৃতকৰ সংখ্যা ২২জনলৈ বৃদ্ধি পাইছে৷ তদুপৰি সংকটজনক অৱস্থাত আছে ২৮তকৈ অধিক লোক৷ আলিগড় জিলা প্রশাসনে প্রকাশ কৰা মতে, যোৱানিশাৰে পৰা কেইবাখনো গাঁৱত সংঘটিত সুৰা ট্রেজেডীত এতিয়ালৈকে ২২জন লোকে প্রাণ হেৰুৱাইছে৷

আৰক্ষীয়ে তিনিটাকৈ পৃথক গোচৰ ৰুজু কৰি ১২জন লোকক চিনাক্ত কৰিছে আৰু ইয়াৰে ৫জন লোকক ইতিমধ্যে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ মন কৰিবলগীয়া যে জৱাহৰলাল নেহৰু মেডিকেল কলেজ হাস্পতাল, এএমইউ আৰু মালখন জিলা হাস্পতালত ২৮তকৈ অধিক লোক সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে৷

You might also like