নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কফিৰ দ্বাৰা ওজন হ্ৰাস কৰিব পাৰিনে? বিজ্ঞানে কি কয়…

কফিক উৎকৃষ্ট শক্তি বৰ্ধক বুলি অস্বীকাৰ কৰিব নোৱাৰি। কিন্তু আপুনি এই কথা জানেনে যে ওজন হ্ৰাস কৰাৰ বাবে কফি অত্যন্ত উপকাৰী। দীৰ্ঘদিন ধৰি চলি থকা গৱেষণাত দেখা গৈছে যে নিয়মীয়াকৈ একাপ কফি গ্ৰহণ কৰা ব্যক্তি এজনে দীৰ্ঘসময় ধৰি স্বাস্থ্যকৰ ওজন ব্যৱস্থাপনা বৃদ্ধি কৰে। কোন প্ৰকাৰৰ কফিয়ে আপোনাক ওজন হ্ৰাস কৰাত সহায় কৰে সৱিশেষ জানো আহক।

ব্লেক কফি

ব্যায়াম কৰাৰ আগতে শৰীৰক কিছু শক্তিৰ প্ৰয়োজন। আপুনি ব্যায়াম কৰাৰ ৩০ মিনিট আগতে ব্লেক কফি খাব পাৰে। ইয়াক পান কৰাৰ পিছত আপুনি অধিক ঘাম ওলোৱাত যথেষ্ট শক্তি পাব। লগতে ক’লা কফিত কেফেইন থাকে, যি আপোনাৰ শাৰীৰিক শক্তি বৃদ্ধি কৰে।

কফিয়ে বিপাক বৃদ্ধি কৰে

ফুড চায়েন্স এণ্ড নিউট্ৰিচন আলোচনীত প্ৰকাশিত শেহতীয়া অধ্যয়ন অনুসৰি, কফিত থকা কেফেইনে বিপাক বৃদ্ধি কৰে। ই চৰ্বি দহন কৰাতো সহায় কৰে।

পেটৰ সমস্যা দূৰ হয়

ব্লেক কফি পেটৰ বাবে যথেষ্ট উপকাৰী বুলি গণ্য কৰা হয়। যদি আপুনি চেনী অবিহনে ক’লা কফি খায়, আপুনি পেটৰ বহুতো সমস্যাৰ পৰা সকাহ পাব পাৰে। ক’লা কফি খোৱাটোৱে শৰীৰৰ বেয়া বিষাক্ত পদাৰ্থ আৰু বেক্টেৰিয়া বোৰ উলিয়াই দিয়ে। যি পেটত গেছ, কোষ্ঠকাঠিন্যৰ পৰাও সকাহ দিব পাৰে।

You might also like