নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিম ঢকুৱাখানাত  ক’ৰোনাতংকঃ ১০ জনলৈ বৃদ্ধি ক’ভিড আক্ৰান্তৰ সংখ্যা

নিয়মীয়া বাৰ্তা, ৩০ মেঃ ৰাজ্যত আতংকৰ সৃষ্টি কৰা ক’ৰোনা মহামাৰীৰ দ্বিতীয়টো ঢৌৰ ভয়াবহতা ক্ৰমাৎ হ্ৰাস পাই অহাৰ সময়তে সোণাৰি চাপৰি আৰক্ষী চকীৰ অন্তগত পশ্চিম ঢকুৱাখনাৰ জালভাৰী আৰু মৌ খোৱাত ক’ভিড আক্ৰান্তৰ সংখ্যা দুটা দিনত ১০ জনলৈ বৃদ্ধি পোৱাত শংকিত হৈছে অঞ্চলবাসী৷

ঢকুৱাখানা ব্লক পি এইচ চিৰ অন্তগত মৌ খোৱা উপ স্বাস্থ্য কেন্দ্ৰৰ অধিনৰ এগৰাকী মহিলাক সোণাৰি চাপৰি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কৰা ক’ভিড পৰীক্ষাত ক’ৰোনা ৰোগৰ সংক্ৰমণ ধৰা পৰাৰ পিছতেই শনি বাৰে মৌ খোৱা প্ৰাথমিক বিদ্যালয়ত কৰা ক’ভিড এণ্টিজেন টেষ্টত ৫২ জনৰ ভিতৰত একেটা পৰিয়ালৰে দুটি কিশোৰ সহ চাৰি গৰাকীক ক’ৰোনা ৰোগী বুলি চিনাক্ত কৰে ৷

আনহাতে একে দিনাই জালভাৰী স্বাস্থ্য উপকেন্দ্ৰৰ অধিনত পশ্চিম ঢকুৱাখানা উচ্চ মাধ্যমিক বিদ্যালয়ত ১৬২ গৰাকীক কৰা ক’ভিড পৰীক্ষাত দুগৰাকী মহিলাৰ দেহত ক’ৰোনা ৰোগৰ সংক্ৰমণ ধৰা পৰাত পশ্চিম ঢকুৱাখানাৰ জালভাৰী আৰু মৌ খোৱাত ক’ৰোনা ৰোগীৰ সংখ্যা ১০ জনলৈ বৃদ্ধি পাইছে আৰু আটাইকে  হোম কোৱাৰেণ্টাইন কৰা হৈছে বুলি স্বাস্থ্য কৰ্মীয়ে জানিবলৈ দিয়ে ৷

আনহাতে অঞ্চলটোৰ দুখন গাঁৱতে একে দিনাই ৬ জনৰ দেহত ক’ৰোনা ৰোগৰ সংক্ৰমণ ধৰা পৰাত সমুহীয়া ভাবে ক’ভিড এণ্টিজেন টেষ্টৰ ব্যৱস্থা কৰিলে আৰু অধিক ক’ৰোনা ৰোগী চিনাক্ত হোৱাৰ আশংকা কৰি এই ক্ষেত্ৰত মহকুমা স্বাস্থ্য বিভাগক বিশেষ ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে অঞ্চলবাসীয়ে ৷

You might also like