নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনক লৈ দেশজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে ওড়িশা বিজেপিয়ে গ্ৰহণ কৰিছে এক বিশেষ কাৰ্যসূচী । মাহজোৰা বিশেষ কাৰ্যসূচীৰে ওড়িশা বিজেপিয়ে ‘জনজাগৰণ’ নামৰ এই প্ৰচাৰ অভিযান আৰম্ভ কৰিছে বৃহস্পতিবাৰৰ পৰা । সৰ্বসাধাৰণ জনতাৰ মাজত নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কে থকা ভ্ৰান্ত ধাৰণা আঁতৰ কৰা লক্ষ্যৰে এই অভিযান আৰম্ভ কৰা হৈছে বুলি উল্লেখ কৰে ওড়িশা বিজেপিয়ে ।
উল্লেখ্য যে, এই অভিযান কালত সমগ্ৰ ৰাজ্যৰ প্ৰতিখন জিলাকে সামৰি লোৱা হ’ব বুলি কয় বিজেপি নেতা গোলোক মহাপাত্ৰই । তৃণমূল পৰ্যায়ৰ পৰা নেতালৈকে সকলোৱে অংশগ্ৰহণ কৰিব লগা এই অভিযানত বিতৰ্কিত বিধেয়কখনৰ লগতে এন আৰ চি সন্দৰ্ভতো সৰ্বসাধাৰণক বুজোৱা হ’ব ।