মৰিগাঁৱৰ বঘৰাত মুকলি হ’ল আদৰ্শ ভেকচিন কেন্দ্ৰ
ভেকচিন লবলৈ প্ৰতিজনকে উপহাৰ স্বৰূপে প্ৰদান কৰা হ'ল একোটি গছ পুলি
নিয়মীয়া বাৰ্তা ৩১ মেঃ মৰিগাঁৱ জিলাৰ ভিতৰতে গুগগত সেৱাৰ বাবে স্বাস্থ্য বিভাগ আৰু ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা বঘৰা ৰাজ্যিক চিকিৎসালয় ৰ চিকিৎসক ডাঃ অমৰ জ্যোতি ডেকা নেতৃত্বত স্বাস্থ্য কৰ্মী জিলা প্ৰশাসন আৰু স্থানীয় ৰাইজৰ ৰ সহযোগত আজি মৰিগাঁও জিলাৰ প্ৰথমটো আদৰ্শ ভেকচিন কেন্দ্ৰ মুকলি কৰা হয় বঘৰা মজলীয়া বিদ্যালয় ত।মৰিগাঁও জিলাৰ উপায়ুক্ত সীমাৰেখা ভূঞাই আজি ৯ বজাত দ্বাৰ মুকলি কৰে।
উল্লেখ্য আজি এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ভেকচিন লবলৈ অহা প্ৰতি গৰাকী ব্যক্তিকে একোটাকৈ গছ পুলি উপহাৰ স্বৰূপে আগবঢ়োৱা হয়। । উল্লেখ্য এই অনুষ্ঠানতে ভেকচিন লবৰ বাবে সজাগতা সৃষ্টিৰ বাবে প্ৰস্তুত কৰা এটি গীতো মুকলি কৰা হয়।