নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিকিৎসক নথকাকৈয়ে চলি আছে আমচৈ চাহ বাগিচাৰ চিকিৎসালয়

নিয়মীয়া বাৰ্তা, ৩১ মেঃ নগাঁও জিলাৰ দক্ষিণ পশ্চিমত অৱস্থিত আমচৈ চাহ বাগিচাত থকা চিকিৎসালয়খন পাঁচ বছৰতকৈও অধিক কাল ধৰি চিকিৎসক নোহোৱাকৈ কেৱল এজন ফাৰ্মাছিষ্ট আৰু তিনিগৰাকী নাৰ্ছৰ ওপৰত নিৰ্ভৰ কৰিয়েই চলি আছে । বাগিচা কৰ্তৃপক্ষই চিকিৎসক নিযুক্তিৰ প্ৰতি মূঠেই গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰিছে বাগিচাখনৰ শ্ৰমিকসকল আৰু স্থানীয় চাহ জনজাতি ছাত্ৰ সন্থাই । চিকিৎসক নথকাৰ বাবে শ্ৰমিক সকলে উপযুক্ত চিকিৎসা প্ৰাপ্তিৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে ।

যাৰ ফলত বাগিচাখনৰ ৬৭ গৰাকী শ্ৰমিক ক’ৰোনাৰ দৰে মহামাৰীত আক্ৰান্ত হ’বলগীয়া হৈছে । বৰ্তমান সেই চিকিৎসালয়খনৰ ফাৰ্মাছিষ্ট গৰাকীয়েও ক’ৰোনা আক্ৰান্ত হৈ হোম কৰেইন্টাইনত আছে । চিকিৎসালয়খন বৰ্তমান চৰকাৰে যোগান ধৰা ঔষধ পাতিৰ ওপৰত নিৰ্ভৰ কৰি তিনি গৰাকী নাৰ্ছেই নিজস্ব অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি পৰিচালনা কৰি আছে । এই নাৰ্ছ সকলেই ৰোগীসকলক আমচৈ ৰাজ্যিক চিকিৎসালয় নাইবা চৈধ্য কিলোমিটাৰ দূৰৈত অৱস্থিত নেলী চিকিৎসালয়লৈ লৈ গৈ চিকিৎসা সেৱা আগবঢ়াই আছে । এই বিষয়ে ৰহা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক শশীকান্ত দাসকো মৌখিকভাৱে শ্ৰমিকসকলে জনাইছে । অৱশ্যে বিধায়ক গৰাকীয়ে এই বিষয়টো গুৰুত্ব সহকাৰে লোৱা বুলি জানিব পৰা গৈছে ।

You might also like