শিলঘাট–ধিং মথাউৰি মেৰামতিত দুর্নীতি
নিয়মীয়া বাৰ্তা, ১ জুনঃ নগাঁও জিলাৰ শিলঘাটৰ পৰা ধিঙলৈ বিস্তৃত শিলঘাট–ধিং মথাউৰিৰ মেৰামতিৰ কাম ভালদৰে নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ ব্রহ্মপুত্রৰ বানৰ কবলৰ পৰা নগাঁও জিলাৰ এক বৃহৎ এলেকাৰ জনসাধাৰণক ৰক্ষা কৰিবৰ বাবে এই মথাউৰিটো নির্মাণ কৰা হৈছিল৷ ১৯৫৫–৫৭ চনত নির্মাণকার্য সম্পূর্ণ কৰা প্রায় ৯০ কিঃমিঃ দৈর্ঘ্যৰ এই মথাউৰিটোৰ কিছু কিছু অংশত ইতিপূর্বেই ব্রহ্মপুত্রৰ পানীয়ে ছিঙি পেলোৱাৰ ফলত জিলাখনৰ বৃহৎ এলেকাৰ লোক বানৰ কবলত পৰিছে৷
জলসম্পদ বিভাগৰ এক সূত্রই জনোৱা মতে, মথাউৰিৰ ম্যাদ নির্মাণকালৰে পৰা ২৫ বছৰলৈকে থাকে৷ এই হিচাপত এই মথাউৰিটোৰ ম্যাদ আজিৰে পৰা ৩৫ বছৰ আগতে অর্থাৎ ১৯৮২ চনতে উকলি গৈছে৷ নগাঁও জিলাৰ বৃহৎ অংশৰ জনসাধাৰণক সুৰক্ষা দিয়াৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰা শিলঘাট–ধিং মথাউৰিৰ ম্যাদ উকলি যোৱাৰ ৩৫ বছৰ পাছত উপযুক্তভাৱে মেৰামতি নকৰাত ঠায়ে ঠায়ে মথাউৰিটোৰ প্রতি ব্রহ্মপুত্র নদীয়ে ভাবুকিৰ সৃষ্টি কৰিছে৷ অৱশ্যে জলসম্পদ বিভাগে মথাউৰিটোৰ কিছু কিছু ঠাইত মেৰামতিৰ ব্যৱস্থা কৰিছে যদিও তাৰ বেছিভাগ অংশ বালিৰে নির্মাণ কৰা হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে৷
যাৰ বাবে মথাউৰিৰ দাঁতি–কাষৰীয়া লোকসকল শংকাত থাকিব লগা হৈছে৷ উল্লেখ্য যে মথাউৰিটোৰ কিছু অংশ লাওখোৱা অভয়াৰণ্যত পৰে৷ সাধাৰণতে এই অংশত জনসধাৰণৰ প্রৱেশ নিষিদ্ধ বাবে মেৰামতিৰ বাবে ঠিকা লাভ কৰা ঠিকাদাৰসকলে এই অংশত ভালদৰে মেৰামতিৰ কাম নকৰে৷
স্থানীয় ৰাইজে অভিযোগ কৰা মতে, এই মথাউৰিটোৰ মেৰামতিৰ কাম ভালকৈ কৰিবৰ বাবে ঠিকাদাৰসকলক জনোৱা হৈছিল যদিও ঠিকাদাৰসকলে গুৰুত্ব প্রদান নকৰিলে৷ তদুপৰি বিভাগীয় কর্তৃপক্ষক অৱগত কৰা হৈছিল যদিও সংশ্লিষ্ট কর্তৃপক্ষই কোনোধৰণৰ পদক্ষেপ গ্রহণ নকৰিলে৷ ২ বছৰ আগতেই মথাউৰিটো পুনৰ নির্মাণৰ কাম আৰম্ভ কৰিছিল যদিও ঠায়ে ঠায়ে দুই–এচপৰা আৰু বালিয়া মাটি পেলায়েই ঠিকাদাৰসকলে দায়িত্ব সামৰিছে৷ দুবছৰ আগতেই কেইবাবাৰো ছিগি যোৱা, ম্যাদ উকলা শিলঘাট–ধিং মথাউৰিৰ ঠায়ে ঠায়ে অৱস্থা জৰাজীর্ণ হৈ পৰিছে৷
সাধাৰণতে বালিয়া মাটি বাঢ়নী পানীয়ে খহাই নিয়াটো সহজ৷ যাৰবাবে সমাগত বাৰিষাৰ সময়ত মথাউৰিৰ দাঁতি–কাষৰীয়া ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে৷ ম্যাদ উকলা মথাউৰি বানৰ সময়ত ছিগি যোৱাৰ সম্ভাৱনা আছে৷