নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত ক’ভিডসৃষ্ট সংকটঃ দুমাহত মল–ৰেষ্টুৰেণ্টৰ ক্ষতি ৩০ হাজাৰ কোটি টকা

নিয়মীয়া বাৰ্তা, ১ জুনঃ ঘাতক ক’ভিড–১৯সৃষ্ট পৰিস্থিতিৰ বাবে বিগত দুমাহ ধৰি দেশৰ সকলো খণ্ডই ভয়াৱহ ক্ষতিৰ সন্মুখীন হৈছে৷ এইক্ষেত্রত দেশৰ খুচুৰা বিক্রেতা, মল, ৰেষ্টুৰেণ্ট আদি ভয়াৱহ ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছে৷

তথ্য মতে বিগত দুমাহত মল, ৰেষ্টুৰেণ্ট আদিকে ধৰি এনেধৰণৰ বাণিজ্যিক প্রতিষ্ঠানসমূহৰ ৩০ হাজাৰ কোটি টকা ক্ষতিৰ সন্মুখীন হৈছে৷ অর্থাৎ ৩০ হাজাৰ কোটি টকা লোকচান ভৰিবলগীয়া হৈছে৷ শ্ব’পিং চেমটার্ছ এছ’চিয়েচন অৱ ইণ্ডিয়া (এছ চি এ আই)ই প্রকাশ কৰা মতে দেশজুৰি ক’ভিড–১৯সৃষ্ট পৰিস্থিতিৰ বাবে অর্থনৈতিক কার্যকলাপ বাধাগ্রস্ত হৈছে৷ পশ্চিমবংগ, কর্ণাটক, দিল্লী, এন চি আৰ, মহাৰাষ্ট্র, চণ্ডীগড়, আহমেদাবাদ, চুৰাট আৰু দেশৰ আন আন চহৰসমূহৰ মলবোৰ বন্ধ হৈ গৈছে৷

সপ্তাহান্তিক লকডাউনৰ সমান্তৰালকৈ নৈশ সান্ধ্য আইনৰ ফলত মল, ৰেস্তোৰাঁসমূহ বন্ধ হৈ যোৱাত স্বত্বাধিকাৰীসকল লোকচানৰ সন্মুখীন হৈছে৷ এছ চি এ আইৰ অধ্যক্ষ মুকেশ কুমাৰে প্রকাশ কৰা মতে ৩০ হাজাৰ কোটিতকৈ অধিক লোকচানৰ সন্মুখীন হোৱা মলসমূহে চৰকাৰৰ সমর্থন বিচাৰিছে৷ লক্ষণীয় যে মল আৰু শ্ব’পিং চেণ্টাৰসমূহ দেশজুৰি লোকচানৰ সন্মুখীন হোৱা বাবে সংস্থাপন কর্তন কৰিবলগীয়া হৈছে৷

তাতোকৈ গুৰুত্বপূর্ণ যে লকডাউনৰ সময়ত মল তথা প্রতিষ্ঠানসমূহে বিপুল পৰিমাণৰ ধন ভাৰাৰ নামত ব্যয় কৰিবলগীয়া হৈছে৷ মার্চ মাহৰ পৰাই দেশজুৰি ৯০ শতাংশ মলৰ ব্যৱসায় বন্ধ হৈ পৰিছে৷ এমাহত এই ব্যৱসায়িক প্রতিষ্ঠানসমূহে ১৫ হাজাৰতকৈ অধিক ৰাজহ হেৰুৱাবলগীয়া হৈছে৷ কার্যতঃ ক’ভিড–১৯ সংকটৰ সময়ত মলৰ লেখীয়া ব্যৱসায়িক প্রতিষ্ঠানসমূহ গভীৰ সংকটত পৰিছে৷

You might also like