নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কা’ বলৱৎ কৰিবলৈ বিজেপি বদ্ধপৰিকৰ

 নিয়মীয়া বাৰ্তা, ২ জুনঃ নাগৰিকত্ব সংশোধনী আইন (কা) কার্যকৰী কৰিবলৈ বিজেপি বদ্ধপৰিকৰ৷ যোৱা দীর্ঘ সময় ধৰি ‘কা’ক লৈ চলি থকা বিতর্ক তথা ৰাজনৈতিক বাক–বিতণ্ডাৰ পিছত শেহতীয়াকৈ কেন্দ্রীয় চৰকাৰে দেশৰ পাঁচখন ৰাজ্যত ‘কা’ বলৱৎ কৰিবলৈ গ্রহণ কৰা ব্যৱস্থাই পুনৰ চর্চা লাভ কৰিছে৷ এনে সময়তে নাগৰিকত্ব সংশোধনী আইনক   লৈ   শাসকীয় দলটো বদ্ধপৰিকৰ বুলি মন্তব্য কৰিলে ৰাষ্ট্রীয় সাধাৰণ সম্পাদক তথা মঙলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই৷

হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়ত এক অনুষ্ঠানত ৰাষ্ট্রীয় সাধাৰণ সম্পাদকজনে কয়– ‘কা’ বিজেপিৰ কমিটমেণ্ট৷ বিৰোধীৰ বাবেহে ই ইছ্যু৷ গতিকে বিজেপিয়ে এই কমিটমেণ্ট কার্যকৰী কৰাৰ ক্ষেত্রত আগবাঢ়িছে৷ ২০১৯ চনত সংসদত নাগৰিকত্ব সংশোধনী বিধেয়ক আইন হিচাপে গৃহীত হোৱাৰ পিছত ইয়াক বলৱৎ কৰাৰ বাবে ইতিমধ্যে কেন্দ্রীয় চৰকাৰে পাঁচখন ৰাজ্যত পদক্ষেপ গ্রহণ কৰিছে৷ যিহেতু এইখন আইনত পৰিণত হৈছে, গতিকে ইয়াক বলৱৎ কৰাটো কেন্দ্রীয় চৰকাৰৰ দায়িত্ব৷ বিজেপিয়ে সমগ্র দেশতে এই আইনখন প্রযোজ্য কৰাৰ বাবে কেন্দ্রীয় চৰকাৰক আহ্বান জনাব৷

মন কৰিবলগীয়া যে কেন্দ্রীয় গৃহ মন্ত্রালয়ে শেহতীয়াকৈ গুজৰাট, ৰাজস্থান, ছত্তিশগড়, হাৰিয়ানা আৰু পঞ্জাবৰ ১৩খন জিলাত ‘কা’ বলৱৎ কৰাৰ বাবে জাননী জাৰি কৰিছে৷ মুখ্যতঃ ইয়াকে লৈ অসমত সৃষ্টি হোৱা বিতর্কৰ সন্দর্ভত আজি ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই স্পষ্টকৈ কয় যে সংসদৰ উভয় সদনে আইনখন সর্বসন্মত ৰূপে গৃহীত কৰাৰ পিছত ইয়াক কার্যকৰী কৰাৰ বাবে কেন্দ্রীয় চৰকাৰে যি ধৰণে পদক্ষেপ লৈছে, তাক ৰাজ্যসমূহে কার্যকৰী কৰাটো দায়িত্ব৷ যিহেতু আইনখন কার্যকৰী কৰিবলৈ বিজেপি বদ্ধপৰিকৰ, গতিকে ইয়াক লৈ নতুন ইছ্যু কৰাৰ প্রয়োজন নাই৷ বিৰোধীয়ে বিষয়টোক লৈ ইছ্যু কৰিলেও বিজেপিৰ বাবে ই কমিটমেণ্ট৷

উল্লেখ্য যে মঙলবাৰে ৰাজ্যিক বিজেপিৰ কার্যালয়ত দলৰ মাহেকীয়া মুখপত্র ‘অসমীয়া বিজেপি বার্তা’ৰ ৫৪সংখ্যক সংস্কৰণৰ উন্মোচন কৰা হয়৷ মুখপত্রখন উন্মোচন কৰে দলৰ সাংসদ তথা ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই৷ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত এই উপলক্ষে অনুষ্ঠিত এক অনুষ্ঠানত ৰঞ্জিত দাসে কয়– ক’ভিড দুর্যোগৰ মাজতো আলোচনীখন নির্দিষ্ট সময়ত প্রকাশ কৰিবলৈ ওলোৱাটো যথেষ্ট কষ্টসাধ্য কাম ৰূপে চিহ্ণিত হৈছে৷ ইয়াৰ বাবে দলৰ কার্যকর্তা আৰু মুখপত্রৰ সম্পাদক ড০ দেৱদত্ত বৰকাকতি ধন্যবাদৰ পাত্র৷

আনহাতে, সাংসদ দিলীপ শইকীয়াই কয় যে ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে দায়িত্ব গ্রহণ কৰাৰ পৰাই ৰঞ্জিত কুমাৰ দাসে ‘বিজেপি বার্তা’ নিয়মীয়াকৈ প্রকাশ কৰাৰ ক্ষেত্রত লোৱা পদক্ষেপৰ বাবে এই আলোচনীখনে ৫৪টা সংস্কৰণ সফলতাৰে সম্পূর্ণ কৰিবলৈ সক্ষম হৈছে৷

You might also like