নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ উদীয়মান খেলুৱৈলৈ নতুন আঁচনি; এহেজাৰ খেলুৱৈয়ে পাব ৫০ হাজাৰকৈ সাহায্য

নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ ৰাজ্যৰ ক্রীড়াৰ সামগ্রিক উন্নয়নত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে সর্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে৷ ইয়াৰ অংশস্বৰূপে নতুন প্রজন্মৰ প্রতিভাৱান খেলুৱৈসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে শেহতীয়াকৈ ঘোষণা কৰিছে ৫০ হাজাৰকৈ টকাৰ এককালীন আর্থিক সাহায্যৰ এক নতুন আঁচনি৷

এই আঁচনিৰ অধীনত ৰাজ্যৰ মুঠ ১,০০০গৰাকী উদীয়মান খেলুৱৈক ৫০ হাজাৰ টকাৰ এককালীন সাহায্য আগবঢ়োৱা হ’ব৷ ক্রীড়া আৰু যুৱ কল্যাণ বিভাগে প্রকাশ কৰা অনুসৰি বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ২০১৯–২০ বর্ষৰ বাজেট অধিৱেশনত ঘোষণা কৰা অনুসৰি ৰাজ্যৰ নতুন প্রজন্মৰ প্রতিভাৱান খেলুৱৈসকলক অনুপ্রাণিত কৰিবলৈ এই নতুন আঁচনি ৰূপায়ণ কৰা হৈছে৷ উল্লেখ্য যে আর্থিক সাহায্য লাভৰ বাবে খেলুৱৈসকল অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব৷

এছিয়ান গেমছ, কমনৱেলথ গেমছ আৰু অলিম্পিক সন্থাৰ অনুমোদিত বাধ্যতামূলক খেলসমূহৰ ক্রীড়াবিদৰ বাবে এই আর্থিক সাহায্য প্রযোজ্য হ’ব৷ ক্রিকেট আৰু দবা খেলকো নতুন আঁচনিখনত অন্তর্ভুক্ত কৰা হৈছে৷

ক্রীড়া আৰু যুৱ কল্যাণ বিভাগে জানিবলৈ দিয়া অনুসৰি, ১২ বছৰৰ পৰা ২১ বছৰৰ ভিতৰৰ প্রতিভাৱান খেলুৱৈসকল এই আর্থিক সাহায্যৰ বাবে যোগ্য বিবেচিত হ’ব৷ ২০১৭ৰ পৰা ২০১৯ চনৰ প্রদর্শনৰ ভিত্তিত এখন বিশেষ সমিতিয়ে এককালীন আর্থিক সাহায্যৰ বাবে খেলুৱৈসকলক বাছনি কৰিব৷ অসম চৰকাৰৰ ক্রীড়া পেন্সন আৰু এককালীন সাহায্য লাভ কৰা খেলুৱৈসকল এই নতুন আঁচনিৰ বাবে যোগ্য নহ’ব৷

তদুপৰি অসম চৰকাৰৰ ইণ্টিগ্রেটেড স্প’টছ পলিচীৰ অধীনত ইতিমধ্যে সাহায্য লাভ কৰা খেলুৱৈসকলকো আঁচনিখনত অন্তর্ভুক্ত কৰা নহ’ব৷ আবেদনকাৰীসকলে অসম চৰকাৰৰwww.dsyw.assam.gov.in ৱেবছাইটৰ জৰিয়তে আবেদনৰ প্র–পত্র সংগ্রহ কৰিব পাৰিব৷

সংশ্লিষ্ট ৰাজ্যিক ক্রীড়া সন্থাৰ জৰিয়তে খেলুৱৈসকলে আবেদন পত্র ২০ জানুৱাৰীৰ ভিতৰত অসম চৰকাৰৰ ক্রীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ কার্যালয়ত জমা দিব লাগিব৷ মন কৰিবলগীয়া যে গুৱাহাটীক দেশৰ ক্রীড়াৰ ৰাজধানী হিচাপে গঢ়ি তোলাৰ সপোন দেখা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ৰাজ্যৰ ক্রীড়াৰ সামগ্রিক উন্নয়নৰ প্রতি লক্ষ্য ৰাখি শেহতীয়াকৈ কেইবাটাও অভিলাষী আঁচনি হাতত লৈছে৷

You might also like