নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আই পি এল নেখেলা বিদেশী খেলুৱৈৰ কর্তন হ’ব দৰমহা

নিয়মীয়া বাৰ্তা ৩ জুনঃ বিশ্বৰ অন্যতম জনপ্রিয় টি–২০ ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগক লৈ কঠোৰ হৈ পৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ড৷ ক’ৰোনাৰ ভয়াৱহতাৰ বাবে আধাতে স্থগিত হোৱা আই পি এলৰ চতুর্দশ সংস্কৰণৰ বাকী মেচসমূহ সংযুক্ত আৰব আমীৰ শ্বাহীত আয়োজন কৰাৰ বাবে উঠিপৰি লাগিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷ আই পি এলখন আয়োজনক লৈ সম্প্রতি ইউ এ ইত উপস্থিত আছে ব’ডৰ সভাপতি সৌৰভ গাংগুলী আৰু সম্পাদক জয় শ্বাহ৷ আই পি এলখনৰ বাকী থকা মেচসমূহত ইংলেণ্ডৰ খেলুৱৈয়ে অংশগ্রহণ নকৰা সন্দর্ভত বাতৰি প্রকাশ পোৱাৰ পিছতে প্রতিযোগিতাখনত অংশগ্রহণ কৰি থকা বিদেশী খেলুৱৈসকলক লৈ কঠোৰ হৈ পৰিছে বি চি চি আই৷

সংযুক্ত আৰব আমীৰ শ্বাহীত হ’বলগীয়া আই পি এলৰ মেচসমূহত যদি বিদেশী খেলুৱৈসকলে অংশগ্রহণ নকৰে, তেতিয়াহ’লে তেওঁলোকৰ দৰমহা কর্তন হ’ব বুলিও বি চি চি আয়ে ভাবুকি প্রদান কৰিছে বুলি এক নির্ভৰযোগ্য সূত্রত সদৰী৷ নির্ভৰযোগ্য সূত্রটোৱে সদৰী কৰা মতে যদি পেট কামিনছৰ দৰে খেলুৱৈয়ে বাকী মেচকেইখনত অংশগ্রহণ নকৰে, তেতিয়াহ’লে ফ্রেনচাইজীটোৱে প্র’ ৰাটা পদ্ধতিত ক্রিকেটাৰগৰাকীৰ পাৰিশ্রমিক কর্তন কৰিব৷ অর্থাৎ খেলুৱৈসকলে যিমানকেইখন মেচত অংশগ্রহণ কৰিব, সেই হিচাপ মতেহে পাৰিশ্রমিক লাভ কৰিব৷ উদাহৰণস্বৰূপে পেট কামিনছক কলকাতা নাইট ৰাইডার্ছে ১৫.৫ কোটি টকাত ক্রয় কৰিছে৷ যদি আই পি এলৰ দ্বিতীয় পর্যায়ত তাৰকা পেচ বলাৰগৰাকীয়ে ভাগ নলয়, তেতিয়াহ’লে তেওঁ ৭.৭৫ কোটি টকাহে লাভ কৰিব৷

ইফালে, ক’ৰোনাৰ বাবে স্থগিত হোৱা আই পি এলৰ দ্বিতীয় পর্যায়ত ইংলেণ্ড আৰু বাংলাদেশৰ খেলুৱৈক অংশগ্রহণৰ অনুমতি নিদিয়াৰ সিদ্ধান্ত গ্রহণ কৰিছে দুয়োখন দেশৰ ক্রিকেট ব’র্ডে৷ ইংলেণ্ড এণ্ড ৱেলছ ক্রিকেট ব’ৰ্ডৰ পৰিচালন সঞ্চালক এছলে জাইলছে কয় যে বর্তমান আমি আমাৰ ক্রিকেট সূচী অনুযায়ী ব্যৱস্থা গ্রহণ কৰিব লাগিব৷ আগন্তুক টি–২০ বিশ্বকাপ আৰু ঐতিহাসিক এছেজ শৃংখলাৰ বাবে প্রস্তুত হোৱাৰ স্বার্থত আই পি এলৰ দ্বিতীয় পর্যায়ৰ মেচসমূহত খেলুৱৈসকলক অনুমতি দিয়া নহ’ব৷ আই পি এলৰ বাবে কোনো সূচী সলনি নহয় বুলিও ই চি বিৰ পৰিচালন সঞ্চালকগৰাকীয়ে মন্তব্য কৰে৷ ইফালে, বাংলাদেশ ক্রিকেট ব’ডৰ অধ্যক্ষয়ো ছাকিব আল হাছান আৰু মুস্তাফিজুৰ ৰহমানক আই পি এলত খেলাৰ অনুমতি দিয়াৰ পৰা বিৰত থাকে৷ উল্লেখ্য যে আই পি এলৰ দ্বিতীয় পর্যায়ৰ মেচসমূহ ১৮ ছেপ্ঢেম্বৰৰ পৰা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷

You might also like