নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফাইনেল মেচক লৈ চাপত নাই ভাৰতীয় দল

ইংলেণ্ডলৈ ৰাওনা হোৱাৰ প্রাকমুহূর্তত অধিনায়ক কোহলিৰ মন্তব্য

নিয়মীয়া বাৰ্তা ৩ জুনঃ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল মেচখনক লৈ কোনোধৰণৰ চাপত নাই ভাৰতীয় ক্রিকেট দলটো৷ ইংলেণ্ডলৈ ৰাওনা হোৱাৰ প্রাকমুহূর্তত সংবাদ মেল সম্বোধন কৰি এই মন্তব্য কৰে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিয়ে৷ অনলাইনৰ জৰিয়তে হোৱা সংবাদ মেলখন সম্বোধন কৰি টীম ইণ্ডিয়াৰ অধিনায়কগৰাকীয়ে কয় যে ১৮ জুনৰ পৰা ছাউদাম্পটনত হ’বলগীয়া ডব্লিউ টি চিৰ ফাইনেল মেচখনক লৈ আত্মবিশ্বাসী ভাৰতীয় দল৷ এই মেচখনক লৈ দলটো কোনোধৰণৰ চাপত নাই৷

অৱশ্যে ফাইনেল মেচখন সহজ নহ’ব বুলি মন্তব্য কৰি কোহলিয়ে লগতে কয় যে নিউজিলেণ্ডৰ পৰা কঠিন প্রত্যাহ্বান পোৱাটো নিশ্চিত যদিও ইয়াৰ প্রত্যুত্তৰ দিয়াৰ বাবে ভাৰতীয় দল সম্পূর্ণৰূপে সাজু আছে৷ ইপিনে, সংবাদ মেলখনত কোহলিৰ সৈতে ভাগ লয় ভাৰতীয় দলটোৰ প্রশিক্ষক ৰবি শাস্ত্রীয়ে৷ ডব্লিউ টি চিৰ সন্দর্ভত ৰবি শাস্ত্রীয়ে কয় যে প্রতিযোগিতাখনৰ ফাইনেল বেষ্ট অৱ থ্রীৰ মাজত হোৱা উচিত৷ ডব্লিউ টি চিৰ ফাইনেল মেচখনৰ পদ্ধতিক লৈ প্রশ্ণ উত্থাপন কৰি টীম ইণ্ডিয়াৰ প্রশিক্ষকগৰাকীয়ে কয় যে এখন মেচৰ জৰিয়তে চেম্পিয়ন দলটো নির্ধাৰণ হ’ব৷ এখন বেয়া অথবা ভাল মেচে প্রতিভাৰ পৰিচয় নিদিয়ে৷ নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া ডব্লিউ টি চিৰ ফাইনেল মেচখনক লৈ ভাৰতীয় দলটো আত্মবিশ্বাসী বুলি প্রশিক্ষক ৰবি শাস্ত্রীয়ে ব্যক্ত কৰে৷

You might also like