নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ত হেৰাল আৰবত কৰ্মৰত ডিব্রুগডৰ পংকজ

ৰিয়াধ এয়াৰপ’টত সন্ধানহীন অসমৰ অভিযন্তা

নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ ছৌদি আৰবত কর্মৰত আছিল ডিব্রুগড়ৰ এইজন অভিযন্তা৷ কিন্তু কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজত থকা ছৌদি আৰবৰ ৰিয়াধ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰৰ পৰাই ৩১ বছৰীয়া পংকজ চুতীয়া যোৱা ২৮ ডিচেম্বৰ, ২০১৯ৰ পৰা হঠাৎ সন্ধানহীন হৈ পৰা ঘটনাই সকলোকে হতবাক কৰি তুলিছে৷

কি পৰিস্থিতিত, কিয় আৰু কেনেকৈ এই ঘটনা সংঘটিত হ’ল, তাৰো সঠিক উত্তৰ নোপোৱাত পৰিয়ালে দিক–বিদিক হেৰুৱাই পেলাইছে৷ যি ঘটনাই এতিয়া একপ্রকাৰ ৰহস্য সৃষ্টি কৰিছে৷ তথ্য অনুসৰি যোৱা ২৮ ডিচেম্বৰত ভাৰতলৈ অহাৰ কথা আছিল অভিযন্তা পংকজ চুতীয়া৷ সেই মতেই বিমানত উঠাৰ প্রাকমুহূর্তত পৰিয়ালৰ লোকৰ সৈতে ফোনত কথাও পাতিছিল পংকজে৷ ছৌদি আৰবৰ নির্মাণ কোম্পানী এটাত কর্মৰত পংকজ ২৯ ডিচেম্বৰতে দিল্লী পোৱাৰ কথা আছিল৷ কিন্তু ৰিয়াধ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰৰ পৰা ফোনযোগে কথা হোৱাৰ পাছতে তেওঁৰ সৈতে কোনো যোগাযোগ কৰিব পৰা নাই পৰিয়ালে৷ তাকো এদিন, দুদিন নহয়, তেতিয়াৰ পৰা আজি পাঁচ দিন ধৰি অভিযন্তা পংকজৰ নাই কোনো যোগাযোগ৷ এছ এম এছ বা হোৱাটছএপতো নাই কোনো খবৰ৷ তেতিয়াৰে পৰা অফ হৈ আছে পংকজৰ ম’বাইল৷ আনকি বিমান সংস্থায়ো পংকজৰ কোনো সঠিক তথ্য দিবলৈ সক্ষম নোহোৱাত বিমোৰত পৰিছে পংকজৰ পৰিয়ালবর্গ৷ পংকজৰ পৰিয়ালে জনোৱা মতে, বিগত ৫ দিন ধৰি নিখোজ হৈ আছে পংকজ৷ পৰিয়ালে নাজানে যে তেওঁ ভাৰত আহি পালে নে নাই৷ আনকি ৰিয়াধৰ পৰা আহিল নে নাই, সেয়াও স্পষ্টকৈ ক’ব পৰা নাই পৰিয়ালে৷

এই তথ্য সদৰী কৰে পংকজৰ ভগ্ণী স্বপ্ণালীয়ে৷ মন কৰিবলগীয়া যে পৰিয়ালটোৱে ইতিমধ্যে ডিব্রুগডৰ লাহোৱাল আৰক্ষী থানাত ঘটনা সন্দর্ভত এখন এজাহাৰ দাখিল কৰিছে৷ স্বপ্ণালীয়ে জনোৱা মতে, তেওঁ এই সন্দর্ভত ৰিয়াধত থকা ভাৰতীয় উচ্চাযুক্তৰ কার্যালয়তো যোগাযোগ কৰিছে৷আনকি ভাতৃ নিখোজ হোৱাৰ বিষয়ে বৈদেশিক মন্ত্রালয়ৰ টুইটাৰতো লিখিছে যদিও এতিয়ালৈকে ভাতৃৰ শুংসূত্র দিয়াৰ ক্ষেত্রত কোনো সঁহাৰি লাভ কৰা নাই৷ তাৎপর্যপূর্ণ কথাটো এয়ে যে ভাতৃৰ ম’বাইলত স্বপ্ণালীয়ে পঠিওৱা মেছেজ ডেলিভাৰী হৈছে৷ অর্থাৎ পংকজে মেছেজ নাচালেও লাভ কৰিছে৷ উল্লেখ্য যে ভাতৃৰ ম’বাইল নম্বৰটো ভাৰতত কার্যক্ষম নহয়৷ সেই দিশৰ পৰা ম’বাইলটো ছৌদি আৰবতে থকা বুলি সন্দেহ কৰা হৈছে৷ কিন্তু পংকজৰ কোনো উত্তৰ বা ফোন অফ থকা বা কোনো শুংসূত্র লাভ নকৰাত চিন্তিত হৈ পৰিছে পৰিয়ালটো৷

You might also like