নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত কণ্ডমৰ ব্যৱহাৰ কিয় ইমান কম? প্ৰথমবাৰলৈ দেশত ‘condomology’ অধ্যয়ন, পোহৰলৈ আহিল বহু আচৰিত তথ্য

 কণ্ডম বজাৰৰ আটাইতকৈ ডাঙৰ অংশীদাৰ আৰু তেওঁলোকৰ সহযোগী কোম্পনীবোৰে যুটীয়াভাৱে ‘কণ্ডম এলায়েন্স’ নামৰ এটা দল গঠন কৰিছে। কণ্ডম ব্যৱহাৰৰ ওপৰত তেওঁলোকৰ অধ্যয়নক ‘কণ্ড’ম’লজী’ বুলি কোৱা হয়। ভাৰতত এই জৰীপটো প্ৰথমবাৰৰ বাবে কৰা হৈছে।

‘উপভোক্তা, কণ্ডম আৰু মনোবিজ্ঞান'( ‘consumer, condom and psychology’) এই তিনিটা শব্দৰ পৰায়ে কণ্ড’ম’লজী সৃষ্টি হৈছে। অধ্যয়নটোৱে কেৱল পৰিসংখ্যা প্ৰকাশ কৰাই নহয়, বৰঞ্চ কণ্ডমৰ সৈতে সামাজিক আৰু ব্যক্তিগত মনোভাৱে কেনেদৰে কাম কৰে সেয়াও প্ৰকাশ কৰে।

জনসংখ্যা নিয়ন্ত্ৰণ কৰা, অবাঞ্ছিত গৰ্ভধাৰণ পৰিহাৰ কৰা, স্বাস্থ্যকৰ যৌন স্বাস্থ্য বজাই ৰখাত কণ্ডম ব্যৱহাৰ অতি গুৰুত্বপূৰ্ণ। এই কথা প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

২০১৪-১৫ বৰ্ষত প্ৰদান কৰা ‘ৰাষ্ট্ৰীয় পাৰিবাৰিক স্বাস্থ্য জৰীপ ৪’  (NFHS 4) ৰ দ্বাৰা প্ৰদান কৰা তথ্যৰ ওপৰত ভিত্তি কৰি, অধ্যয়নটো কৰিছে কণ্ডম এলায়েন্সে।

প্ৰতিবেদনে কি প্ৰকাশ কৰিছে-

প্ৰতিবেদনত কোৱা হৈছে যে যৌন সম্পৰ্কত লিপ্ত হোৱা ২০ ৰ পৰা ২৪ বছৰ বয়সৰ ৮০ শতাংশ পুৰুষে তেওঁলোকৰ অন্তিম শাৰীৰিক সম্পৰ্কৰ সময়ত কণ্ডম ব্যৱহাৰ কৰা নাছিল।

ভাৰতত কণ্ডম ব্যৱহাৰৰ হাৰ মাত্ৰ ৫.৬ শতাংশ। সামাজিক ভাৱাধাৰা আৰু কিছুমান নীতি-নিৰ্দেশনাৰ বাবে কণ্ডম ব্যৱহাৰৰ হাৰ ইমান কম।

মাত্ৰ ২৭ শতাংশ পুৰুষ আৰু ৭ শতাংশ মহিলাই বিবাহৰ আগতে সহবাসৰ সময়ত কণ্ডম ব্যৱহাৰ কৰিছিল।

দেশৰ ৮৭% পুৰুষ আৰু ৯৭% মহিলা কণ্ডম ব্যৱহাৰত আগ্ৰহী নহয়, ‘কণ্ডোমোলজী’ অধ্যয়নত কোৱা হৈছে।

প্ৰতিবেদনত দাবী কৰা হৈছে যে যৌন স্বাস্থ্য আৰু কণ্ডমৰ বিষয়ে আনুষ্ঠানিকভাৱে সজাগতা বৃদ্ধি কৰা স্বত্বেও যোৱা কেইবছৰমানত দেশত কণ্ডমৰ বিক্ৰী মাত্ৰ ২ শতাংশ বৃদ্ধি পাইছে।

এইডছ সংক্ৰমণত ভাৰত বিশ্বৰ তৃতীয় স্থানত আছে। কণ্ডম ব্যৱহাৰ কৰিবলৈ অনিহাৰ বাবে বহুসংখ্যক এইচআইভি সংক্ৰমণকো দোষাৰোপ কৰা হৈছে।

প্ৰতিবেদনখনত দাবী কৰা হৈছে যে যৌনতাৰ প্ৰশ্নত ভাৰতৰ যুৱচাম আৰু পশ্চিমীয়া দেশসমূহৰ যুৱক-যুৱতীসকলৰ মাজত এক বৃহৎ সামাজিক ব্যৱধান আছে। প্ৰতিবেদনখনত এই দেশত সজাগতাৰ অভাৱৰ কথাও উল্লেখ কৰা হৈছে।

কোৱা হৈছে যে কেতিয়া কণ্ডম ব্যৱহাৰ কৰিব লাগে, তাক কেনেদৰে ব্যৱহাৰ কৰিব লাগে আৰু সেইবোৰ সংকোচমুক্তভাৱে ক্ৰয় কৰিব লাগে সেই বিষয়ে এতিয়াও কোনো স্পষ্ট ধাৰণা নাই এই দেশত।

 

বাতৰিৰ উৎসঃ  The Print

You might also like