চৰাঞ্চলে চৰাঞ্চলে ড্রাগ্ছৰ সন্ধান আৰক্ষীৰ
নিয়মীয়া বাৰ্তা, ৫ জুনঃ গোৱালপাৰা–বঙাইগাঁৱ্ নদী আৰক্ষীয়ে ড্রাগ্ছবিৰোধী অভিযান তীব্রতৰ কৰি তুলিছে৷ গোৱালপাৰাৰ পঞ্চৰত্ন নদী আৰক্ষীয়ে ব্রহ্মপুত্র নদীৰে গৈ মাজেৰ আলগা চৰ আৰু উচঙা চৰত অভিযান চলায়৷ নদী আৰক্ষী অধীক্ষক কমল কুমাৰ গুপ্তাৰ নেতৃত্বত চৰসমূহত অভিযান চলোৱা হয়৷
উল্লেখ্য যে যোৱা ১ মে’ত কাটলামাৰী চৰত ড্রাগ্ছৰ বিৰুদ্ধে অভিযান চলাই প্রায় ৫ কিলোগ্রাম ভাং জব্দ কৰাৰ লগতে এগৰাকী ভাং ব্যৱসায়ীক গ্রেপ্তাৰ কৰাৰ পিছত নদী আৰক্ষী অধীক্ষকগৰাকীয়ে গোৱালপাৰাত বাহৰ পাতিছে৷ নদী আৰক্ষী অধীক্ষকগৰাকীয়ে কালি জিলাখনৰ চুণাৰী অঞ্চলত ড্রাগ্ছৰ বিৰুদ্ধে অভিযান চলাই মাজেৰ আলগা আৰু উচুঙা চৰত ড্রাগ্ছৰ বিৰুদ্ধে অভিযান চলায়৷ ড্রাগ্ছৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তুলিবলৈ নদী আৰক্ষী অধীক্ষকগৰাকীয়ে পঞ্চৰত্ন নদী আৰক্ষী থানাৰ বৃহৎসংখ্যক আৰক্ষীৰ সৈতে ব্রহ্মপুত্র নদী আৰু চৰত অভিযান চলায়৷
আৰক্ষী অধীক্ষকগৰাকীয়ে ব্রহ্মপুত্রৰ স্পর্শকাতৰ এলেকাসমূহ পৰিদর্শন কৰাৰ লগতে মাজেৰ আলগা আৰু উচুঙা চৰত অভিযান চলায়৷ অভিযানৰ অন্তত আৰক্ষী অধীক্ষকগৰাকীয়ে নদীপথেৰে যাতে চোৰাংভাৱে ড্রাগ্ছ তথা গৰুৰ অবৈধ ব্যৱসায় কৰিব নোৱাৰে, তাৰ বাবে অধিক সষ্টম হৈ থাকিবলৈ পঞ্চৰত্ন আৰক্ষীক নির্দেশ দিয়ে৷