নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্রীলংকাত মুষলধাৰ বৃষ্টিপাতত ১৪জনৰ প্রাণহানি, ক্ষতিগ্রস্ত ২.৪৫ লাখ

নিয়মীয়া বাৰ্তা ৭ জুনঃ দ্বীপ ৰাষ্ট্র শ্রীলংকাত মুষলধাৰ বৃষ্টিপাতৰ ফলত কমপক্ষেও ১৪গৰাকী লোকৰ মৃত্যু হোৱাৰ উপৰি ২,৪৫,০০০ ক্ষতিগ্রস্ত হৈছে৷ ৰাজধানী কলম্বোৰ পৰা ৮৮ কিলোমিটাৰ নিলগৰ কিগালেত মৃত্যু হৈছে ৫গৰাকী লোকৰ৷ সংবাদ সংস্থাৰ জিনহুৱাৰ প্রতিবেদন অনুসৰি ৰত্নাপুৰা জিলাত বিভিন্ন অঞ্চল বৰষুণে জলমগ্ণ কৰিছে৷

লক্ষণীয়ভাৱে জিলাখনত দুগৰাকী লোক সন্ধানহীন হোৱাৰ উপৰি অন্যান্য দুগৰাকী আহত হোৱা বুলিও স্থানীয় সংবাদ মাধ্যমে প্রকাশ কৰিছে৷ এই বৃষ্টিপাতৰ ফলত ৮ শতাধিক বাসগৃহ ধ্বংস হৈছে৷ ১৫,৬৫৮গৰাকী লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছে প্রশাসনে৷

ইফালে, মুষলধাৰ বৃষ্টিপাতে বিভিন্ন অঞ্চলত প্লাৱিত কৰাৰ সময়তে দেশখনৰ বতৰ বিজ্ঞান বিভাগে আগন্তুক কেইবাদিনলৈও বৃষ্টিপাত অব্যাহত থাকিব বুলি ঘোষণা কৰিছে৷ আগন্তুক তিনি দিনত বিভিন্ন স্থানত ১৫০ মিলিমিটাৰ পর্যন্ত বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলিও উল্লেখ কৰিছে বতৰ বিজ্ঞান বিভাগে৷

ভয়াৱহ এই বৃষ্টিপাতৰ সময়তে চৰকাৰে নৌ–সেনা, বায়ুসেনা আৰু স্থলসেনাক দুর্গত লোকৰ উদ্ধাৰ অভিযানৰ বাবে সষ্টম হৈ থকাৰ নির্দেশ দিছে৷ অৱশ্যে এই বাতৰি যুগুতোৱাৰ পৰলৈ সেনাক উদ্ধাৰ অভিযানত নমোৱা হোৱা নাই৷

You might also like