নিয়মীয়া বাৰ্তা ৭ জুনঃ ক’ৰোনা ভাইৰাছ মহামাৰীৰ পৰিপ্ৰেক্ষিতত ৰে’ল ষ্টেচনত প্ৰৱেশৰ বাবে কেইবাটাও নিষেধাজ্ঞা থকা স্বত্বেও যোৱা বিত্তীয় বৰ্ষত ২.৭ নিযুতৰো অধিক লোকে টিকটবিহীন ভ্ৰমণ কৰি ধৰা পৰিছিল। তথ্য জনাৰ অধিকাৰ আইনৰ (আৰটিআই) অধীনত এই তথ্য লাভ কৰা হৈছিল। তথ্যত কোৱা হৈছে যে আগৰ বিত্তীয় বৰ্ষতকৈ ২৫ শতাংশ কম ঘটনা ঘটিছে আৰু ইয়াৰ কাৰণ হৈছে ক’ভিড-১৯ৰ ওপৰত নিষেধাজ্ঞা।
মধ্য প্ৰদেশৰ কৰ্মী চন্দ্ৰ শেখৰ গৌৰে এই সন্দৰ্ভত আৰটিআইৰ পৰা তথ্য বিচাৰিছিল। এই তথ্যত কোৱা হৈছে বিগত এপ্ৰিল ২০২০ৰ পৰা মাৰ্চ ২০২১-ৰ ভিতৰত ২৭.৫৭ লাখ লোকে টিকটবিহীন ভাৱে ভ্ৰমণ কৰি ধৰা পৰিছিল আৰু ১৪৩.৮২কোটি টকা জৰিমনা বিহা হৈছিল।
২০১৯-২০ বিত্তীয় বৰ্ষত ১.১০ কোটি লোক টিকটবিহীন ভ্ৰমণ কৰি ধৰা পৰিছিল আৰু ৫৬১.৭৩ কোটি টকাৰ জৰিমনা বিহা হৈছিল। ৰে’লৱেৰ মুখপাত্ৰ ডি জে নাৰায়ণে কয়, “টিকটবিহীনকৈ ভ্ৰমণ কৰাটো ভাৰতীয় ৰে’লৱেৰ বাবে সদায়েই এক ডাঙৰ প্ৰত্যাহ্বান হৈ আহিছে। সেই শ্ৰেণীৰ লোকসকলক এনে কৰাত বাধা দিবলৈ, ৰে’লৱেই তথ্য প্ৰচাৰ কৰে আৰু জৰিমনা আৰোপ কৰে।”