নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২২ চনৰ ভিতৰত Royal Enfieldয়ে মুকলি কৰিব বাইকৰ সৰ্বাধিক সংখ্যক মডেল; চাওক কি কি আছে তালিকাত

 চেন্নাইস্থিত থলুৱা দুচকীয়া বাহন নিৰ্মাতা কোম্পানী ৰয়েল এনফিল্ডে ভাৰতীয় বজাৰৰ বাবে কেইবাটাও নতুন মডেলৰ ওপৰত কাম কৰি আছে। কোম্পানীটোৱে নতুন আকৰ্ষণীয় মডেলৰ এক শৃংখলা অনাৰ পৰিকল্পনা কৰি আছে, যিবোৰ অহা ১২ মাহত মুকলি কৰা হ’ব।

সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, ৰয়েল এনফিল্ডে ২০২২ বিত্তীয় বৰ্ষত সৰ্বাধিক সংখ্যক নতুন মডেল মুকলি কৰিব। বাইক নিৰ্মাতা কোম্পানীটোৱে ইতিমধ্যে উল্লেখ কৰিছে যে ই প্ৰতি তিনিমাহত এটা নতুন সামগ্ৰী মুকলি কৰিবলৈও প্ৰতিশ্ৰুতিবদ্ধ।

প্ৰতিবেদন অনুসৰি, কোম্পানীটোৱে শেহতীয়াকৈ ইয়াৰ আহিবলগীয়া মডেলবোৰৰ বাবে কেইবাটাও নেমপ্লেট ট্ৰেডমাৰ্ক লাভ কৰিছে, যাৰ ভিতৰত আছে স্ক্ৰেম, শ্বটগান, চিকাৰী, ফ্লাইং ফ্লাই, শ্বেৰ্পা আৰু ৰোডষ্টাৰ।

যদিও আহিবলগীয়া ৰয়েল এনফিল্ড বাইকখনৰ নাম আৰু বিৱৰণ এতিয়াও প্ৰকাশ কৰা হোৱা নাই, বাইক নিৰ্মাতা কোম্পানীৰ পৰৱৰ্তী ডাঙৰ লন্স নতুন প্ৰজন্মৰ royal enfield classic 350 বুলি ধাৰণা কৰা হৈছে। ২০২১ ৰয়েল এনফিল্ড ক্লাছিক ৩৫০ শীঘ্ৰে ঘৰুৱা বজাৰত মুক্তি লাভ কৰিব পাৰে।

You might also like