নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছ কর্মীৰ ক্ষোভৰ উমান পায়েই নির্বাচনী পর্যালোচনা কৰা নাই নেতৃত্বইঃ প্রদেশ কংগ্রেছৰ মুখপাত্র দিলীপ শর্মা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা যথেষ্ট দিকদৰ্শী–পৰিশ্রমী নেতা

এইবাৰ বিধানসভা নির্বাচনত বিজেপিক উৎখাতৰ বাবে কংগ্রেছৰ নেতৃত্বত মহাজোঁট গঠন কৰা হৈছিল৷ কংগ্রেছ নেতৃত্বাধীন এই মহাজোঁটত এআইইউডিএফ, বিপিএফ, চিপিআই, চিপিআই (এম), চিপিআই (এম এল), আঞ্চলিক গণ মর্চা, ৰাষ্ট্রীয় জনতা দল আদি চামিল হৈছিল৷ কিন্তু নির্বাচনী ফলাফলত দেখা গ’ল যে অসমৰ জনসাধাৰণে বিজেপি মিত্রজোঁটৰ সপক্ষে মতদান কৰিলে৷ জনসাধাৰণে মহাজোঁটক প্রত্যাখ্যান কৰাৰ কাৰণ কি বুলি ভাবে?
মহাজোঁটক প্রত্যাখ্যান কৰাৰ এটা প্রধান কাৰণ হৈছে এআইইউডিএফৰে কৰা মিত্রতা৷ এআইইউডিএফৰে মিত্রতা কৰাটো ডাঙৰ ভুল আছিল৷ দলৰ শৃংখলিত কর্মী হিচাপে আমি সেই মিত্রতা মানি লৈছিলোঁ যদিও সাধাৰণ ৰাইজে গ্রহণ নকৰিলে৷ এআইইউডিএফ দল যে এটা সাম্প্রদায়িক দল, মুছলমান সংখ্যাগৰিষ্ঠতা থকা কোনো এটা সমষ্টিতে এজনো হিন্দু লোকক প্রার্থিত্ব নিদিয়াটোতেই স্পষ্ট হৈছে৷ এই কথা মুকলিকৈ ক’বলৈ মই দ্বিধাবোধ নকৰোঁ যে দলীয় মঞ্চত কোনো আলোচনা নকৰাকৈ, তৃণমূল কর্মীৰ মতামত অবিহনে এআইইউডিএফৰে মিত্রতা কৰা হৈছিল৷ দ্বিতীয়তে, ‘কা’ক কংগ্রেছ আৰু মহাজোঁটে অন্যতম নির্বাচনী ইছ্যু কৰিছিল৷ কংগ্রেছৰ ৫টা গেৰাণ্টীত ‘কা’ সংযোজিত হৈছিল৷ কিন্তু সেয়া ব্রহ্মপুত্র উপত্যকাতহে প্রচাৰিত হ’ল৷ বৰাক উপত্যকাত কংগ্রেছে ‘কা’ক উহ্য ৰাখি আন চাৰিটা গেৰাণ্টী লৈ নির্বাচনত অৱতীর্ণ হয়৷ ফলত ৰাইজে কংগ্রেছক দুমুখীয়া বুলি ভাবিলে৷ তদুপৰি প্রার্থী বাছনি সম্পর্কীয় বহু কথা আছে৷ এক কথাত ক’ব লাগিলে কংগ্রেছ নেতৃত্বাধীন মহাজোঁটে বিজেপিৰ বিকল্প হিচাপে চৰকাৰ গঠন কৰিব পৰা শক্তি হিচাপে ৰাইজক পতিয়ন নিয়াব নোৱাৰিলে৷
 সদ্যসমাপ্ত বিধানসভা নির্বাচনত কংগ্রেছ দলে ৯৩খন আসনত প্রতিদ্বন্দ্বিতা কৰি মাত্র ২৯খন আসনতহে জয়লাভ কৰিলে৷ কংগ্রেছৰ এনে শোচনীয় বিপর্যয়ৰ কাৰণ কি বুলি ভাবে?
যোৱা পাঁচটা বছৰত কংগ্রেছে বিজেপিৰ বিৰুদ্ধে যুঁজখন শক্তিশালী কৰিব নোৱাৰিলে৷ বিজেপিৰ ব্যর্থতাসমূহ ৰাইজৰ মাজলৈ নিব নোৱাৰিলে৷ দলৰ নেতৃত্ব যোৱা চাৰিটা বছৰত আভ্যন্তৰীণ খেলিমেলি, লবী ৰাজনীতি, সভাপতি ভঙা–পতাৰ আভ্যন্তৰীণ ৰাজনীতিতে ব্যস্ত থাকিল৷ এই কথা যোৱা চাৰিটা বছৰত সংবাদ মাধ্যমত নিয়মিত ৰূপত প্রকাশ পাইছে৷ দলক সংঘবদ্ধ কৰি সঠিকভাৱে নেতৃত্ব দিয়াত সকলো নেতা ব্যর্থ হৈছে৷ ইয়াতকৈ ডাঙৰ কথাটো হৈছে– যিকোনো কাৰণতেই হওক, অসমীয়া মূলসুঁতিৰ মানুহ, জাতি–জনগোষ্ঠী, ভূমিপুত্রসকলক দলে আকর্ষিত কৰাত ব্যর্থ হ’ল৷
 ২০১৬ চনৰ বিধানসভা নির্বাচনত কংগ্রেছ পৰাজিত হোৱাৰ পিছত দলৰ তৰফৰ পৰা কোৱা হৈছিল যে এআইইউডিএফৰ বাবেই কংগ্রেছ বিপর্যস্ত হ’ল৷ এইবাৰ এআইইউডিএফৰে কংগ্রেছে মিত্রতা কৰাৰ পিছতো আশানুৰূপ ফলাফল প্রদর্শন কৰিব নোৱাৰাৰ কাৰণ কি বুলি ভাবে?
আমি ইতিমধ্যে কৈছোঁৱেই– অসমৰ সকলোৱে এআইইউডিএফৰে কংগ্রেছৰ মিত্রতাৰ বিৰোধিতা কৰিছে৷ দলৰ একাংশ নেতাই একমাত্র নিজৰ আসনখনৰ স্বার্থত এআইইউডিএফৰে মিত্রতা কৰিছে৷ ২০১৯ চনৰ লোকসভা নির্বাচনৰ প্রাক্ক্ষণত প্রদেশ কংগ্রেছৰ কার্যনির্বাহক বৈঠকে এআইইউডিএফ দলক সাম্প্রদায়িক আখ্যা দি কোনো কাৰণতে সেই দলৰে মিত্রতা নকৰাৰ সিদ্ধান্ত লৈছিল৷ সেই সিদ্ধান্ত এতিয়াও বাহাল আছে৷ পৰৱর্তী পর্যায়ৰ প্রদেশ কংগ্রেছৰ কোনো কার্যনির্বাহক বৈঠকে সেই সিদ্ধান্ত প্রত্যাহাৰ কৰা নাই৷ দলীয় কর্মীক সম্পূর্ণ অন্ধকাৰত ৰাখিয়েই এআইইউডিএফৰে মিত্রতা কৰিলে৷ এআইইউডিএফৰ লগত মিত্রতা কৰাৰ বাবেই উজনি অসম, উত্তৰ অসমেই নহয়, নামনি অসমতো মূলসুঁতিৰ মানুহে কংগ্রেছক গ্রহণ নকৰিলে৷
এইবাৰ বিধানসভা নির্বাচনত আপুনি হাজো সমষ্টিৰ কংগ্রেছৰ সবল প্রার্থিত্বৰ দাবীদাৰ আছিল৷ কিন্তু শেষ মুহূর্তত আপুনি দলীয় টিকট নাপালে৷ এই সম্পর্কত আপুনি কি কয়?
ঃ প্রায় ১৩–১৪ বছৰ ধৰি আমি দলত সেৱা আগবঢ়াই আহিছোঁ৷ এসময়ত জিলা পৰিষদৰ সদস্য হিচাপেও সেৱা আগবঢ়াইছোঁ৷ প্রদেশ কংগ্রেছৰ মুখপাত্র হিচাপে কি কৰিছোঁ, সেয়া সংবাদ মাধ্যমে দেখিছে৷ আজিৰ পৰা দুবছৰ পূর্বে দলৰ হৈ যেতিয়া কথা কোৱা মানুহৰ অভাৱ হৈছিল, তেতিয়াও দলৰ হৈ আগবাঢ়ি আহিছিলোঁ৷ হাজো সমষ্টিটো এইবাৰ কংগ্রেছৰ সম্ভাৱনাময় সমষ্টি আছিল৷ কি কাৰণত আমাক টিকটৰ পৰা বঞ্চিত কৰিলে বুজি নাপালোঁ৷ হয়তো কাৰোবাক ৱাকভাৰ দিবলৈ আৰু কাৰোবাক হৰুৱাবলৈকে আমাক টিকটৰ পৰা বঞ্চিত কৰিলে৷ তৎসত্ত্বেও মই দলৰ স্বার্থতে হাজোৰ দলীয় প্রার্থীগৰাকীৰ হৈ দিনে–নিশাই প্রচাৰ অভিযানত জড়িত হৈছিলোঁ৷
 এইবাৰ কংগ্রেছৰ দলীয় টিকট প্রদানত ব্যাপক দুর্নীতি–নিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উঠিছে৷ এই সংক্রান্তত আপোনাৰ ভিডি’ এটাও ভাইৰেল হৈছে৷ সেই ভিডি’টোত আপুনি বহু সমষ্টিত ধনৰ বিনিময়ত দলৰ নেতৃত্বই টিকট দিয়াৰ লগতে বহু ক্ষেত্রত বিজেপিৰে গোপন বুজাবুজিৰো অভিযোগ কৰিছে৷ কি পৰিস্থিতিত আপুনি তেনেধৰণৰ বিষয় এটা ৰাজহুৱা কৰিলে?
আপুনি যিটো ভিডি’ৰ প্রসংগ উত্থাপন কৰিছে, সেই ভিডি’টো আমাৰেই হয়, সেয়া সত্য৷ প্রদেশ কংগ্রেছৰ দুটা হোৱাটছএপ গ্রুপত দলীয় শৃংখলা মানি দলৰ পৰাজয়ৰ কাৰণসমূহ ফঁহিয়াই কৰা বক্তব্যৰ ভিডি’ আপলোড কৰিছিলোঁ৷ দলীয় মঞ্চত উত্থাপন কৰা সেই ভিডি’টো পৰৱর্তী পর্যায়ত কোনোবাই বাহিৰত উলিয়াই দিলে৷ যাৰ ফলত ভিডি’টো প্রচাৰ মাধ্যমেও পালে৷ ভিডি’টোত আমি বিভিন্নজনৰ অভিযোগৰ ভিত্তিতেই কিছু কিছু সমষ্টিত ধনৰ বিনিময়ত আৰু কিছু সমষ্টিত বিজেপিৰ লগত গোপন বুজাবুজি কৰি টিকট দিয়াৰ অভিযোগ কৰিছিলোঁ৷ কাৰণ এইবাৰ নির্বাচনত টিকট দিয়াৰ ক্ষেত্রত দলীয় নেতৃত্বই ৩–৪টা ছার্ভেৰ ৰিপ’টৰ ভিত্তিতহে দলীয় প্রার্থিত্ব দিয়াৰ কথা হৈছিল৷ কিন্তু শেষ মুহূর্তত কিছু সমষ্টিত এনে প্রার্থী দিয়া হ’ল যে বিভিন্নজনে সন্দেহ–ভিযোগ কৰিবলৈ বাধ্য হ’ল– হয়, টকাৰ বিনিময়ত অথবা বিজেপিৰে হোৱা গোপন বুজাবুজিৰ ভিত্তিতে তেওঁলোকক টিকট দিয়া হৈছে৷ তেনে বহু অভিযোগৰ আধাৰতে আমি ভিডি’টোত সেই অভিযোগ উত্থাপন কৰিছিলোঁ৷
নির্বাচনী ফলাফল প্রকাশৰ এমাহ পাৰ হৈ গ’ল৷ কিন্তু আজিলৈকে নির্বাচনী ফলাফল সম্পর্কত কংগ্রেছে পর্যালোচনা বৈঠক অনুষ্ঠিত কৰা পৰিলক্ষিত হোৱা নাই৷ ক’ভিড পৰিস্থিতিৰ বাবে বৈঠক অনুষ্ঠিত কৰিব নোৱাৰিলেও ভার্চুৱেল বৈঠক পাতি পর্যালোচনা কৰাৰ অৱকাশ আছিল৷ এই সংক্রান্তত আপুনি কি কয়?
এইটোত আমিও আচৰিত হৈছোঁ৷ প্রদেশ কংগ্রেছৰ বিষয়ববীয়া, জিলা কংগ্রেছৰ সভাপতি, নির্বাচনৰ প্রার্থীসকলৰ সৈতে ভার্চুৱেল বৈঠক অনুষ্ঠিত কৰি নির্বাচনী পর্যালোচনা কৰিব পাৰিলেহেঁতেন৷ কিয় নাই কৰা, প্রদেশ কংগ্রেছৰ কর্তৃত্বশীল নেতৃত্বই ক’ব পাৰিব৷ হয়তো এনেও হ’ব পাৰে যে দলীয় কর্মীৰ ক্ষোভৰ উমান পায়েই পৰিস্থিতিৰ মুখামুখি হোৱাৰ পৰা আঁতৰি থাকিবলৈকে সদ্যহতে বৈঠক অনুষ্ঠিত কৰাৰ পৰা বিৰত আছে৷ কাৰণ, নেতৃত্বৰ কিছুমান ভুল সিদ্ধান্তই দলক এইবাৰ শাসনলৈ অহাত বাধা দিলে৷ ইয়াৰে কিছুমান ভুল আছিল ইচ্ছাকৃত৷ এই ক্ষেত্রত আমি এজন ব্যক্তিৰ কথা কোৱা নাই৷ নির্বাচনটোত যিসকল ব্যক্তি সন্মুখৰ শাৰীত আছিল, তেওঁলোকৰ কথাকেই কৈছোঁ৷
 অসমত কংগ্রেছৰ ভৱিষ্যৎ সম্পর্কত আপোনাৰ দৃষ্টিভংগী কি?
দলক সু–সংগঠিত কৰিবলৈ ওপৰৰ পৰা তললৈ, তলৰ পৰা ওপৰলৈ নিজৰ স্বার্থ ত্যাগ কৰি, ঐক্যবদ্ধভাৱে, কোনো লবী নকৰাকৈ কাম কৰিলে দলৰ অৱস্থা ভাল হ’ব৷ কংগ্রেছৰ আদর্শ গ্রহণযোগ্য আদর্শ৷ ৰাইজে সেই আদর্শ ৰূপায়ণ কৰিব পৰা সঠিক নেতৃত্ব বিচাৰে৷ তেতিয়াহে কংগ্রেছৰ ভৱিষ্যৎ উজ্জ্বল হ’ব৷
 মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বর্তমানৰ নতুন চৰকাৰখনৰ পৰা আপোনাৰ প্রত্যাশা কি?
ঃ নতুন চৰকাৰখনে ৰাজ্যৰ আর্থ–সামাজিক সকলো দিশ সামৰি উদ্ভাৱনীমূলক আইডিয়া লৈ কাম কৰক৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা যথেষ্ট সক্রিয় আৰু দিক্দর্শী–পৰিশ্রমী নেতা৷ অসমৰ প্রত্যেকজন মানুহে এই কথা স্বীকাৰ কৰে৷ চৰকাৰখন ব্যর্থ হ’লে বিৰোধীৰ বাবে এটা ইছ্যু হ’ব৷ কিন্তু ৰাজ্যখনৰ বাবে ভাল নহ’ব৷ ৰাজ্যখন পিছপৰি থাকিব৷ আমি বিচাৰোঁ, অসম দেশৰ ৫খন শ্রেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হিচাপে গঢ় লৈ উঠক৷ নতুন চৰকাৰখনে এটা মাহত যি সক্রিয়তাৰে কাম কৰিছে, এনে সক্রিয়তাৰে কাম কৰি গ’লে স্বাভাৱিকতে ৰাইজৰ পৰা প্রশংসা পাব৷
সাক্ষাৎগ্রহণকাৰীৰ ফোনঃ ৮৬৩৮৪–৪৫৭৭৪

You might also like