নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতিদিনে ২৪ ঘণ্টাই জনতাৰ সেৱাত ব্রতীৰ মহামন্ত্রৰে কর্মক্ষেত্রত নামিছে চৰকাৰ

নিয়মীয়া বাৰ্তা ১০ জুনঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন নতুন চৰকাৰখনে কাইলৈ এমাহ সম্পূর্ণ কৰিব৷ এই এটা মাহত চৰকাৰখনে প্রতিদিনে ২৪ ঘণ্টাই জনতাৰ সেৱাত ব্রতী হোৱাৰ মহামন্ত্রৰে কর্মক্ষেত্রত নামি পৰিছে৷ দায়িত্ব গ্রহণৰ প্রথম দিনটোৰ পৰাই চৰকাৰখনে অহর্নিশে ৰাজ্যখনৰ সর্বাংগীণ বিকাশ আৰু উন্নয়নৰ বাবে কাম কৰি আহিছে৷ মুখ্যমন্ত্রী ড০ শর্মাই ইতিমধ্যে জনতা ভৱনস্থিত কার্যালয় ২৪ ঘণ্টাই খোলা ৰখাৰ ব্যৱস্থা কৰাৰ লগতে নিজেই পুৱতি নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈ ক’ভিড ৰোগীৰ চিকিৎসাৰ বুজ লোৱাৰ লগতে অক্সিজেন যোগান, ক’ভিড ৰোগীৰ বাবে অতিৰিক্ত আই চি ইউ–ক্সিজেন সংলগ্ণ বিছনাৰ ব্যৱস্থা কৰাৰ উপৰি নতুন নতুন ক’ভিড হাস্পতাল স্থাপনৰ বিষয়ে তদাৰক কৰি আহিছে৷

এই এটা মাহত সমাজ জীৱন ধ্বংসকাৰী মাৰাত্মক ড্রাগ্ছৰ বিৰুদ্ধেও মুখ্যমন্ত্রীৰ বিশেষ তৎপৰতাতেই নিৰন্তৰ অভিযান প্রতি মুহূর্ততে চলি আহিছে৷ চৰকাৰখনে দায়িত্বভাৰ গ্রহণ কৰিয়েই আলফা (স্বাধীন)ৰ সৈতে শান্তি আলোচনাৰ পৰিৱেশ ৰচনাৰ বাবে সদিচ্ছা আৰু আন্তৰিকতাৰে কর্মক্ষেত্রত অগ্রসৰ হৈছে৷ চৰকাৰখনৰ আন্তৰিকতা–সদিচ্ছাক সন্মান জনাই সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱায়ো এইক্ষেত্রত তেওঁলোকৰ সদিচ্ছা প্রকাশ কৰাটো বিশেষ ইতিবাচৰ দিশ ৰূপে পৰিচালিত হৈছে৷ তদুপৰি এই এটা মাহতে কয়লাৰ অবৈধ ছিণ্ডিকেট ৰোধৰ বাবেও চৰকাৰখনে বাস্তৱমুখী পদক্ষেপ গ্রহণ কৰাটো অন্যতম দিশ হিচাপে চিহ্ণিত হৈছে৷ ক’ভিডৰ দ্বিতীয়টো ঢ়ৌ ৰোধ কৰাৰ বাবে চৰকাৰখনে গ্রহণ কৰা বিভিন্ন পদক্ষেপৰ সমান্তৰালভাৱে এই মহামাৰীত অনাথ হৈ পৰা শিশুসকলৰ শিক্ষা গ্রহণকে ধৰি ভৱিষ্যতৰ দায়িত্ব চৰকাৰে গ্রহণ কৰি মুখ্যমন্ত্রীৰ শিশু সেৱা আঁচনি নামৰ এখন আঁচনি গ্রহণ কৰি চৰকাৰখন যে নিঠৰুৱাসকলৰ প্রতি কেৱল অনুভৱীয়েই নহয়, দায়বদ্ধও সেই কথা প্রকাশ কৰিছে৷

ৰাজ্যখনক দেশৰ উন্নত ৫খন ৰাজ্যৰ ভিতৰত স্থান দিয়াৰ লক্ষ্য আগত ৰাখি ড০ শর্মা চৰকাৰে এই এটা মাহত চাৰিখনকৈ কেবিনেট বৈঠক অনুষ্ঠিত কৰি প্রশাসনিক সংস্কাৰকে ধৰি বিভিন্ন বিভাগত সংস্কাৰমুখী কার্যসূচী গ্রহণ কৰিছে৷ চৰকাৰে বিভিন্ন সময়ত যুগুতাই অহা আঁচনিসমূহৰ সঠিক ৰূপায়ণ আৰু আঁচনি ৰূপায়ণৰ নামত চলি অহা দুর্নীতি–নিয়ম ৰোধ কৰি জনসাধাৰণক সুশাসন দিয়াৰ মহান লক্ষ্যত উপনীত হোৱাৰ বাবে প্রতিখন জিলাতে একোজনকৈ মন্ত্রীক অভিভাৱক মন্ত্রীৰ দায়িত্ব অর্পণ কৰিছে৷ এই এটা মাহত মুখ্যমন্ত্রীৰ লগতে অন্যান্য মন্ত্রীসকলেও নিজ নিজ বিভাগক অধিক গতিশীল কৰাৰ কামত অগ্রসৰ হোৱা দেখা গৈছে৷ জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকাই বাৰিষাৰ পূর্বেই ভগ্ণ তথা দুর্বল মথাউৰিসমূহ অস্থায়ীভাৱে মেৰামতি কৰি এইবাৰ বানৰ পৰা জনসাধাৰণক পৰিত্রাণ দিয়াৰ ব্যৱস্থা কৰাৰ লগতে অহা নৱেম্বৰ মাহৰ পৰা বানমুক্ত অসম গঢ়াৰ বাবে স্থায়ী পদক্ষেপ গ্রহণৰ ব্যৱস্থা কৰা দেখা গৈছে৷ ইয়াৰ বাবে তেওঁ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যোৱা দিনকেইটাত পৰিভ্রমণ কৰি মথাউৰিৰ বুজ লোৱাৰ লগতে নৈপৰীয়া অঞ্চলসমূহৰ সমস্যাও অধ্যয়ন কৰিছে৷

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱেও এই দিনকেইটাত শিক্ষাখণ্ডৰ বাবে ভালেমান গুৰুত্বপূর্ণ পদক্ষেপ লোৱা দেখা গৈছে৷ যুদ্ধকালীন তৎপৰতাৰে দ্বাদশ শ্রেণীৰ ছাত্র–ছাত্রীক বিনামূলীয়া পাঠ্যপুঠি প্রদানৰ লগতে ই–পাঠ্যক্রম প্রণয়নৰো নতুন প্রকল্প গ্রহণ কৰিছে৷ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই এটা মাহত দিন–ৰাতি একাকাৰ কৰি ক’ভিডবিৰোধী যুঁজখন আগুৱাই নিছে৷ যোগানমন্ত্রী হিচাপে ৰঞ্জিত কুমাৰ দাসেও প্রথমটো মাহতেই চাউল, নিমখ আদিৰ চোৰাং বেহা ৰোধৰ ক্ষেত্রত যথেষ্ট সক্রিয়তা প্রদর্শন কৰা দেখা গৈছে৷ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগকো নতুন দিশেৰে আগুৱাই নি প্রকৃতার্থত বিভাগটোক গ্রামাঞ্চলৰ উন্নয়ন সাধনত নিয়োজিত কৰাৰ পদক্ষেপ গ্রহণ কৰিছে৷ কৃষিমন্ত্রী অতুল বৰা, বিত্তমন্ত্রী অজন্তা নেওগ, ভূমি সংৰক্ষণ মন্ত্রী উর্খাও গৌৰা ব্রহ্ম, বনমন্ত্রী পৰিমল শুক্লবৈদ্য আদিকে ধৰি আনসকল মন্ত্রীয়েও নিজৰ অধীনস্থ বিভাগসমূহক নতুন ৰূপ দিয়াৰ বাবে প্রথম মাহটোত কার্যক্ষেত্রত অগ্রসৰ হোৱাটো অন্যতম উল্লেখনীয় দিশ হিচাপে পৰিগণিত হৈছে৷ ড০ শর্মা চৰকাৰে নির্বাচনৰ সময়ত দিয়া প্রতিশ্রুতিসমূহ চৰকাৰখনৰ দায়িত্বভাৰ গ্রহণ কৰিয়েই ৰূপায়ণ কৰিবলৈ আগবঢ়াটো অন্যতম সফলতা হিচাপে চিহ্ণিত হৈছে৷ এইক্ষেত্রত এক লাখ নিবনুৱাক চৰকাৰী চাকৰিত সংস্থাপন আৰু মাইক্র’ ফাইনেঞ্চৰ ঋণ ৰেহাইৰ প্রতিশ্রুতি তাৎক্ষণিকভাৱে কার্যকৰী কৰাৰ বাবে প্রথমখন কেবিনেটতে সিদ্ধান্ত গ্রহণ কৰি ক্রমে মন্ত্রী অজন্তা নেওগ আৰু মন্ত্রী অশোক সিংঘলৰ নেতৃত্বত দুখনকৈ কমিটী গঠন কৰি দিছে৷

You might also like