গেছ টেংকাৰত নিষিদ্ধ ড্ৰাগছঃ উত্তৰ গুৱাহাটীত জব্দ ১.৫ কোটি টকাৰ হেৰ’ইন
নিয়মীয়া বাৰ্তা, ১১ জুনঃ অসম আৰক্ষীয়ে ৰাজ্যখনত অবৈধ ড্ৰাগছৰ বিৰুদ্ধে নিৰন্তৰ অভিযান চলাই আহিছে। ড্ৰাগছৰ বিৰুদ্ধে চলা এই যুদ্ধখনৰ অংশ হিচাপে কামৰূপ আৰক্ষীয়ে বৃহস্পতিবাৰে উত্তৰ গুৱাহাটীৰ এখন গেছ টেংকাৰৰ পৰা ১.৫ কোটি টকাৰ হিৰ’ইন উদ্ধাৰ কৰে।
আৰক্ষীয়ে টেংকাৰখনৰ পৰা দুজন লোককো গ্ৰেপ্তাৰ কৰিছিল। ধৃতলোক দুজন মণিপুৰৰ বুলি জানিব পৰা গৈছে।
নিশা উত্তৰ গুৱাহাটী এলপিজি বটলিং প্ৰকল্পৰ অভিযানৰ নেতৃত্ব দিছিল ডিআইজি পাৰ্থ সাৰথি মহন্ত, কামৰূপৰ এছ পি হিতেশ চন্দ্ৰ ৰায়, ডিএছপি কল্যাণ পাঠক আৰু উত্তৰ গুৱাহাটী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ডিম্পল গয়াৰীয়ে।
উল্লেখ্য যে জব্দকৃত টেংকাৰখন মণিপুৰৰ পৰা ডিমাপুৰ হৈ গুৱাহাটীত উপস্থিত হৈছিল।
ইফালে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সফল অভিযানৰ বাবে আৰক্ষীক অভিনন্দন জ্ঞাপন কৰে।
# DriveAgainstDrugs.@assampolice hits the interstate supply line again.@KamrupPolice arrests 2 and from a truck recovers 250 grams Heroine priced at Rs. 1.5 Crores in the international marketa. pic.twitter.com/TozkLpY08x
— Himanta Biswa Sarma (@himantabiswa) June 10, 2021