নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশিষ্ট চিকিৎসক–লেখক ডাঃ ভূপেন্দ্র শইকীয়াৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ১৩ জুনঃ বিশিষ্ট চিকিৎসক–লেখক ডাঃ ভূপেন্দ্র শইকীয়া আৰু নাই৷ ক’ভিডোত্তৰ জটিলতাই চিকিৎসাধীন অৱস্থাতে প্রাণ কাঢ়ি নিলে ডাঃ শইকীয়াৰ৷ বিগত মে’ মাহত ডাঃ শইকীয়াৰ দেহত ধৰা পৰিছিল মাৰাত্মক ভাইৰাছৰ উপস্থিতি৷ ইয়াৰ পাছত তেওঁ মহানগৰীৰ হেল্থচিটী হাস্পতালত ভর্তি হৈছিল৷ প্রায় এসপ্তাহ পূর্বে কৰা ক’ভিড পৰীক্ষাত ডাঃ শইকীয়াৰ ফলাফল নিগেটিভ আহিছিল যদিও ক’ভিডোত্তৰ জটিলতাত আক্রান্ত হৈ কালি মাজনিশা শেষ নিশ্বাস ত্যাগ কৰে৷

উল্লেখ্য যে শিৱসাগৰৰ কালুগাঁৱত জন্মগ্রহণ কৰা ডাঃ শইকীয়াৰ পিতৃ–মাতৃ আছিল ক্রমে প্রয়াত ৰামচৰণ শইকীয়া আৰু চন্দ্রমা শইকীয়া৷ পিতৃ–মাতৃৰ জ্যেষ্ঠ সন্তান ডাঃ শইকীয়াই ডিব্রুগড় চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত ষষ্ঠ শ্রেণীলৈ অধ্যয়ন কৰাৰ পাছত চৰকাৰী মেধাবৃত্তি লাভ কৰি বেনাৰসৰ ৰাজঘাট বেছেণ্ট স্কুলত ভর্তি হয়৷ ১৯৬৯ চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ পৰা প্রৱেশিকা পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ হৈ তেওঁ কটন মহাবিদ্যালয়ত প্রাক বিশ্ববিদ্যালয় (বিজ্ঞান শাখা)ত নামভর্তি কৰে৷ ডিব্রুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা এম বি বি এছ ডিগ্রী লাভ কৰা ডাঃ শইকীয়াই চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ শিক্ষা আহৰণ কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু আয়াৰলেণ্ডৰ ৰয়েল কলেজ অৱ চার্জনৰ পৰা৷

ডাঃ শইকীয়াই প্রথম মেঘালয়ৰ নংপোত চিকিৎসা বৃত্তিৰ সৈতে জড়িত হয়৷ খাচী ভাষা সুন্দৰকৈ ক’ব জনা বাবে কম সময়ৰ ভিতৰতে তেওঁ অঞ্চলটোৰ ৰোগীসকলৰ লগতে ৰাইজৰ মাজত প্রিয়ভাজন হৈ পৰিছিল৷ পাছত অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ অধীনত বিভিন্ন ঠাইত সুদীর্ঘ ১৬ বছৰ ধৰি নিৰৱচ্ছিন্নভাৱে ডাঃ শইকীয়াই চিকিৎসা সেৱা আগবঢ়াইছিল৷ পৰৱর্তী সময়ত প্রচুৰ মেধা আৰু স্মৃতিশক্তিৰ অধিকাৰী ডাঃ শইকীয়াই বহিঃৰাষ্ট্র ক্রমে লিবিয়া, মালদ্বীপ, নেপাল, সংযুক্ত আৰব আমীৰ শ্বাহী আদিলৈ গৈ যথেষ্ট কর্ম অভিজ্ঞতা অর্জন কৰে৷

মেডিচিন বিশেষজ্ঞ হিচাপে সুদীর্ঘ ৯ বছৰ কাল ধৰি কাটাৰত চাকৰি কৰি ২০১৯ বর্ষৰ শেষৰ ফালে তেওঁ নিজৰ জন্মভূমিলৈ প্রত্যাৱর্তন কৰে৷

উল্লেখ্য যে গুৱাহাটীত থকা কালত লালমাটি অঞ্চলত এখন নার্ছিং হোম স্থাপন কৰিও তেওঁ সেৱা আগবঢ়াইছিল৷ বিভিন্ন সংবাদ–পত্র, ফেচবুকৰ ‘অসমীয়াত কথা–বতৰা’ গোট আৰু ‘ই–আলোচনী’, ‘সাহিত্য ডট অর্গ’ত ঘাইকৈ স্বাস্থ্য আৰু ভ্রমণ সম্পর্কীয় বিভিন্ন ৰসাল লেখাৰ উপৰি ডাঃ শইকীয়াই স্বাস্থ্য কথা (দুটা খণ্ড), ‘কাটাৰৰ ডায়েৰী’, ‘চিনাকি পাচলিৰ অচিনাকি গুণ’, ‘জীৱন এক বর্ণিল যাত্রা’, ‘নানান দেশ ঃ নানান অভিজ্ঞতা’, কবিতা পুথি ‘মনৰ প্রতিবিম্ব’ আদি বহুকেইখন গ্রন্থ ৰচনা কৰিছিল৷ ভ্রমণ বিলাসী ডাঃ শইকীয়াই ডুবাই, থাইলেণ্ড, ইংলেণ্ড, কেনিয়া, জাপান, জর্দানৰ লগতে আমেৰিকা আৰু ইউৰোপৰ কেইবাখনো দেশ ভ্রমণ কৰিছিল৷ তদুপৰি তেওঁ ৰাছিয়া আৰু স্পেইনত মেডিকেল ছেমিনাৰত অংশ লৈছিল৷ পত্নী, পুত্র, বোৱাৰী আৰু দুগৰাকী জীয়ৰীৰ লগতে বহু আত্মীয়–স্বজন আৰু শুভাকাংক্ষীক ইহসংসাৰত এৰি থৈ যোৱা ডাঃ শইকীয়াৰ মৃত্যুৰ সময়ত বয়স আছিল ৬৬ বছৰ৷

You might also like