নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জন্মদিন নাপাতি মুখ্যমন্ত্রী সাহায্য পুঁজিলৈ ধন বজালীৰ কণমানিৰ

নিয়মীয়া বাৰ্তা, ১৬ জুনঃ ‘দেউতা, ময়ো আমাৰ মুখ্যমন্ত্রীক আনৰ দৰে পইচা দিম৷ এইবাৰ মোৰ জন্মদিন নাপাতো৷ ইমান বছৰে জন্মদিন পাতিয়েই আহিছোঁ৷ এইবাৰ দেখোন মানুহবোৰে বাতৰিকাকতত মুখ্যমন্ত্রীক পইচা দি আছে৷ সেইকাৰণে এইবাৰ মোৰ জন্মদিনৰ সকলো পইচা মুখ্যমন্ত্রীক দিম৷’ বজালী জিলাৰ বৰভালুকী গাঁও নিৱাসী সাংবাদিক নৱকান্ত কলিতা আৰু সীমা কলিতাৰ কন্যা তথা পাঠশালা আনন্দৰাম বৰুৱা একাডেমীৰ দ্বিতীয় শ্রেণীৰ ছাত্রী জাহ্ণৱীৰ এনে প্রস্তাৱত মাক–দেউতাক একপ্রকাৰ হতভম্ব হয় যদিও আঠ বছৰীয়া কন্যাৰ এনে দূৰদর্শী চিন্তাৰে আগবঢ়োৱা প্রস্তাৱক আনন্দমনে গ্রহণ কৰে৷

লগতে প্রতি বছৰে ওচৰ–চুবুৰীয়া সমনীয়াৰ লগত কন্যাৰ জন্ম দিনত চাহ মিঠাইৰ বাবদ খৰচ কৰিবলগীয়া ধনখিনি মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ আগবঢ়োৱাৰ সিদ্ধান্ত লয়৷ একেখন বিদ্যালয়ৰ পৰা এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীর্ণ হ’বলগীয়া জাহ্ণৱীৰ বায়েকে দৃশা কিৰণেও ভনীয়েকক সমর্থন জনাই তাইৰো এইবেলি হ’ব লগা জন্মদিনৰ খৰচ ভনীয়েকৰ লগত এক কৰি মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ আগবঢ়াবলৈ দেউতাকক প্রস্তাৱ দিয়ে৷ দেউতাকে দুয়োৰে জন্মদিনৰ সমুদায় ধন মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ আগবঢ়ায়৷ কণমানি জাহ্ণৱী আৰু দৃশাই ক’ভিডসৃষ্ট পৰিৱেশত কৰা এনে ব্যতিক্রমী চিন্তাক স্থানীয় লোকে আদৰণি জনাইছে৷

উল্লেখ্য যে বর্তমান ক’ভিডসৃষ্ট পৰিৱেশত কিছু সন্ত্রস্ত হৈ থকা আৰু সদায় বাতৰিকাকত, টিভি আদিৰ জৰিয়তে ক’ভিডৰ খবৰ ৰখা দুই কন্যাই এই সিদ্ধান্ত গ্রহণ কৰি মাক–দেউতাকক কয় যে অকণমান বৰঙণি হ’লেও চৰকাৰে এই টকাৰে কিনা ভেকচিনেৰে কাৰোবাৰ প্রাণ ৰক্ষাত নিশ্চয় অৰিহণা যোগাব নোৱাৰিবনে ?

মন কৰিবলগীয়া যে এইবেলি জাহ্ণৱীৰ জন্মদিন কেৱল গছপুলি ৰোপণৰে পালন কৰা হয়৷ লগতে দুই কন্যাই আশা কৰে যে এনেদৰে সকলোৱে আগবাঢ়ি আহিলে ক’ভিডক নিশ্চয় জয় কৰিব পৰা যাব৷ জন্মদিনত পাঠশালা অসামৰিক চিকিৎসালয় চৌহদত নিম গছৰ পুলি এটি ৰোপণ কৰা হয়৷ এই ৰোপণ কার্যসূচীত পৰিৱেশ আৰু বন বিভাগৰ ব্রেণ্ড এম্বেছাডৰ আনন্দ খাটনিয়াৰে অংশগ্রহণ কৰাৰ উপৰি চিকিৎসালয়খনৰ অধীক্ষক ডাঃ ৰাণাপ্রতাপ ডেকা, চিকিৎসক গৌৰৱ শর্মাও উপস্থিত থাকে৷

You might also like