নিয়মীয়া বাৰ্তা, ১৮ জুনঃ মহামাৰী ক’ভিড–১৯ৰ পৰিপ্রেক্ষিতত বাতিল কৰা চেণ্ট্ৰেল ব’ৰ্ড অৱ ছেকেণ্ডাৰী এডুকেচন চমুকৈ চি বি এছ ইৰ দ্বাদশ শ্রেণীৰ ফলাফল ৩১ জুলাইত ঘোষণা কৰিব৷ পৰীক্ষা অনুষ্ঠিত নকৰাকৈ চি বি এছ ইয়ে দ্বাদশ শ্রেণীৰ ফলাফল ঘোষণা কৰিবলৈ মূল্যাকন সূত্র নির্ধাৰণ কৰিছে৷ দেশৰ উচ্চতম ন্যায়ালয়ে চি বি এছ ইৰ দ্বাদশ শ্রেণীৰ মূল্যাংকন সূত্রত অনুমোদন জনাইছে৷
মহামাৰী ক’ৰোনাৰ বাবে কেন্দ্রীয় চৰকাৰে দ্বাদশ শ্রেণীৰ পৰীক্ষা বাতিল কৰাৰ পাছতেই পৰীক্ষা নপতাকৈ কিদৰে শিক্ষার্থীক উন্নীত কৰিব পাৰি, তাক লৈ ব’ড গঠন কৰি দিয়া ১৩জনীয়া কমিটীৰ মূল্যাংকন সূত্র চি বি এছ ইয়ে উচ্চতম ন্যায়ালয়ত দাখিল কৰে আৰু সর্বোচ্চ ন্যায়ালয়ে এই মূল্যাংকন সূত্রত অনুমোদন জনাইছে৷ চি বি এছ ইয়ে উচ্চতম ন্যায়ালয়ত দাখিল কৰা শপতনামাত উল্লিখিত মূল্যায়ন সূত্র অনুসৰি দ্বাদশ শ্রেণীৰ ফলাফল দশম শ্রেণীৰ ৩০ শতাংশ, একাদশ শ্রেণীৰ ৩০ শতাংশ আৰু দ্বাদশ শ্রেণীৰ ৪০ শতাংশ প্রদর্শনৰ আধাৰত ঘোষণা কৰা হ’ব৷
৩+৩+৪০ শতাংশৰ আধাৰত দ্বাদশ শ্রেণীৰ ফলাফলত থিয়ৰী আৰু প্রেক্টিকেল দুটা উপাদান হ’ব৷ দশম শ্রেণীৰ পাঁচটা বিষয়ৰ ভিতৰত শ্রেষ্ঠ তিনিটা বিষয়ৰ ৩০ শতাংশ নম্বৰ, একাদশ শ্রেণীৰ প্রদর্শনৰ ৩০ শতাংশ আৰু দ্বাদশ শ্রেণীৰ প্রদর্শনৰ ৪০ শতাংশক আধাৰ কৰা হ’ব৷ দ্বাদশ শ্রেণীৰ ইউনিট পৰীক্ষা, মধ্যকালীন পৰীক্ষা (মিড টার্ম) আৰু প্রি–ব’ৰ্ড পৰীক্ষাৰ ফলাফলত লাভ কৰা নম্বৰ আধাৰ হ’ব৷
তদুপৰি চি বি এছ ইৰ প’র্টেল দ্বাদশ শ্রেণীৰ শিক্ষার্থীৰ প্রেক্টিকেল আৰু ইণ্টাৰনেল এছেছমেণ্টকে চূড়ান্ত ফলাফলত সিদ্ধান্তত বিবেচনা কৰা হ’ব৷ চি বি এছ ইয়ে উচ্চতম ন্যায়ালয়ত দাখিল কৰা শপতনামাত প্রতিখন বিদ্যালয়ৰ অধ্যক্ষসহ আন দুজন সবাতোকৈ জ্যেষ্ঠ স্নাতকোত্তৰ শিক্ষক (পি জি টি) আৰু চুবুৰীয়া বিদ্যালয়ৰ দুজন সবাতোকৈ জ্যেষ্ঠ স্নাতকোত্তৰ শিক্ষক (পি জি টি)ক লৈ ফলাফল কমিটী গঠন কৰা হ’ব৷ ব’ডৰ নীতি অনুকৰণ কৰি ফলাফল কমিটীক ফলাফল প্রস্তুত কৰিবলৈ ক্ষমতা দিয়া হ’ব৷
চি বি এছ ইয়ে হেল্প ডেস্ক স্থাপন কৰি ফলাফল প্রস্তুত কৰিবলৈ কমিটীক আন সকলো সমর্থন যোগান ধৰিব৷ ব’ৰ্ডৰ এই নীতিৰ আধাৰত ঘোষিত ফলাফলক লৈ যদি কোনো শিক্ষার্থী সন্তুষ্ট নহয়, তেনেহ’লে তেনে শিক্ষার্থীক পৰীক্ষাত বহাৰ সুযোগ দিয়া হ’ব৷ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ পৰিস্থিতি সঠিক হ’লে ব’ডৰ দ্বাৰা পৰীক্ষা অনুষ্ঠিত কৰিলে সেই পৰীক্ষাত অসন্তুষ্ট পৰীক্ষার্থীজন অৱতীর্ণ হ’ব পাৰিব৷
নীতি অনুসৰি শেহতীয়া পৰীক্ষাৰ নম্বৰক চূড়ান্ত বিবেচনা কৰা হ’ব৷ ইপিনে, কাউন্সিল ফৰ ইণ্ডিয়ান স্কুল চার্টিফিকেট এগজামিনেচন চমুকৈ চি আই এছ চি ইয়ে বাতিল কৰা দ্বাদশ শ্রেণীৰ ফলাফলত শেষৰ ছয় শ্রেণীৰ প্রদর্শনক বিবেচনা কৰিব৷