নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যিকোনো মূল্যৰ বিনিময়ত সুৰক্ষিত কৰিব ঐতিহ্যমণ্ডিত বহৰি সত্র

নিয়মীয়া বাৰ্তা, ১৮ জুনঃ  মহাপুৰুষ শ্রীশ্রী হৰিদেৱ স্থাপিত ঐতিহাসিক বহৰিৰ আদি সত্রক যিকোনো মূল্যৰ বিনিময়ত সুৰক্ষিত কৰা হ’ব৷–বৃহস্পতিবাৰে দুপৰীয়া বহৰিত উপস্থিত হৈ ব্রহ্মপুত্রৰ খহনীয়া পৰিদর্শন কৰি এইদৰে কয় জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকাই৷

উল্লেখ্য যে চেঙা সমষ্টিৰ ভিন্ন প্রান্তত ব্রহ্মপুত্রৰ প্রবল খহনীয়াই ভয়ংকৰ সমস্যাৰ সৃষ্টি কৰিছে৷ ইখনৰ পাছত সিখন গাঁও ব্রহ্মপুত্রৰ বুকুত জাহ গৈছে৷ বিশেষকৈ বৰপেটা জিলাৰ দক্ষিণ–পূব প্রান্তৰ চেনিমাৰীৰ পৰা পাজাৰভাঙালৈ খহনীয়াই তাণ্ডৱ ৰূপ ধাৰণ কৰিছে৷ এই খহনীয়াৰ ফলত ঐতিহাসিক বহৰি সত্র আৰু আহোম ৰজাই স্থাপন কৰা ডক্রেশ্বৰ দেৱালয়লৈ সংকট আহি পৰিছে ৷ এই সম্পর্কত ‘নিয়মীয়াবার্তাত’ ধাৰাবাহিক বাতৰি প্রকাশ হৈ থকাৰ সময়তে বৃহস্পতিবাৰে এই খহনীয়াস্থলী পৰিদর্শন কৰে জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকাই৷

বৃহস্পতিবাৰে দুপৰীয়া এখন মেচিন নাৱত উঠি ব্রহ্মপুত্রৰ ভয়াৱহ গৰাখহনীয়াই অঞ্চলটোৰ লগতে মহাপুৰুষ শ্রীশ্রীহৰিদেৱৰ দ্বাৰা স্থাপিত ঐতিহাসিক সত্রখনৰ প্রতি সৃষ্টি কৰা প্রবল ভাবুকি আৰু শতবর্ষ গৰকা আঁহত গছজোপা স্বচক্ষে প্রত্যক্ষ কৰে মন্ত্রী পীয়ূষ হাজৰিকাই৷ খহনীয়া পৰিদর্শন কৰি মন্ত্রী পীয়ূষ হাজৰিকাই উদ্বিগ্ণতা প্রকাশ কৰাৰ লগতে ঐতিহ্যমণ্ডিত সত্রখন যিকোনো উপায়ে ৰক্ষা কৰাৰ প্রতিশ্রুতি প্রদান কৰে৷ পূর্বৰ চৰকাৰে কি কৰিছিল সেয়া এতিয়া পর্যালোচনা নকৰোঁ, আমি সত্র সুৰক্ষিত কৰাৰ বাবে যি কার্যব্যৱস্থা গ্রহণ কৰিব লাগে সকলো কৰিম বুলি ৰাজহুৱাকৈ ব্যক্ত কৰে পীয়ূষ হাজৰিকাই৷ তেওঁ সত্রখনৰ লগতে বহৰি বজাৰ অঞ্চলটোৰ সুৰক্ষাৰ বাবে এখন জি’ বেগ সন্নিৱিষ্ট আঁচনি চলিত বিত্তীয় বর্ষতে গ্রহণ কৰা হ’ব বুলিও ঘোষণা কৰে৷ সমগ্র খহনীয়াপীডিত অঞ্চলটো পৰিদর্শনৰ অন্তত মন্ত্রীজনে কয় যে বহৰিৰ সুৰক্ষাৰ বাবে দুতৰপীয়া কার্যব্যৱস্থা গ্রহণ কৰা হ’ব৷

প্রথম পর্যায়ত সত্রৰ কাষৰ এক–ডেৰ কিলোমিটাৰ অঞ্চলত জি’ বেগেৰে সুৰক্ষাৰ ব্যৱস্থা লোৱা হ’ব৷ তাৰ লগে লগে উজনিৰ দিশে পার্কুপাইন দি নৈখনৰ গতি সলনিৰো প্রয়াস চলোৱা হ’ব৷ নদীৰ গতি সলনি কৰিব পাৰিলেই নৈপৰীয়া বহুকেইখন গাঁৱৰ লগতে ঐতিহাসিক অনুষ্ঠান সুৰক্ষিত হোৱাৰ আশা ব্যক্ত কৰে মন্ত্রী পীয়ূষ হাজৰিকাই৷ ইয়াৰ ব্যতিৰেকে বাকী অংশৰ সুৰক্ষাৰ বাবে পর্যায়ক্রমে অন্য প্রতিৰোধৰ ব্যৱস্থা গ্রহণ কৰা হ’ব বুলিও মন্ত্রীগৰাকীয়ে উপস্থিত সাংবাদিকৰ আগত সদৰী কৰে৷ তদুপৰি সাময়িক সকাহৰ বাবে জলসম্পদ বিভাগৰ নিয়মীয়া মেৰামতি আৰু প্রতিপালন শিতানৰ পুঁজিৰে যৎপৰোনাস্তি প্রচেষ্টা চলাই যাবলৈ বিভাগীয় বিষয়াসকলক ঠাইতে নির্দেশ দিয়াৰ কথা উল্লেখ কৰি তেওঁ কয়– ইতিমধ্যে এই অস্থায়ী ব্যৱস্থায়ো কিছু কাম দিছে৷ মই ইয়ালৈ আহিবলৈ সময় পোৱা নাছিলোঁ যদিও গুৱাহাটীৰ পৰাই ফোনযোগে সকলো কাম–কাজৰ তদাৰক কৰি আছোঁ৷

বৃহস্পতিবাৰে ব্রহ্মপুত্রৰ ভয়াৱহ গৰাখহনীয়া পৰিদর্শন কৰা সময়ত চেঙা সমষ্টিৰ বিধায়ক আশ্রাফুল হুছেইন, বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদ, বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদ, জিলা উপায়ুক্ত তেজপ্রসাদ ভূষাল, অসম ঔদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰ, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শর্মা, চেঙাৰ চক্র বিষয়া নিতুল খাটনিয়াৰ আৰু জলসম্পদ বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে মন্ত্রীগৰাকীক সংগ দিয়ে৷

তথ্য আৰু জনসংযোগ তথা সংসদীয় পৰিক্রমা বিভাগৰো দায়িত্বত থকা মন্ত্রী পীয়ূষ হাজৰিকাই বৃহস্পতিবাৰে নিজৰ জন্মদিন উপলক্ষে ঐতিহাসিক বহৰি সত্রৰ কাষতে থকা লক্ষ্মীমন্দিৰ চৌহদত এটা গছপুলি ৰোপণ কৰে আৰু ঐতিহাসিক আদি সত্রত মূৰ দোৱাই সেৱা জনায়৷ বহৰিত উপস্থিত হোৱা মন্ত্রী পীয়ূষ হাজৰিকাক সত্র সমিতিৰ তৰফৰ পৰা গায়ন–বায়নেৰে আদৰণি জনোৱাৰ লগতে চেলেং চাদৰ, শৰাই, গ্রন্থৰ টোপোলা আদিৰে উষ্ম সম্বর্ধনা জ্ঞাপন কৰে ৷ 

You might also like