কুম্ভমেলাৰ তীর্থযাত্রীৰ ক’ভিড পৰীক্ষা ভুৱাঃ গোচৰ ৰুজুৰ নির্দেশ চৰকাৰৰ
নিয়মীয়া বাৰ্তা ১৮ জুনঃ মহাকুম্ভমেলাৰ সময়ত ক’ভিড পৰীক্ষাৰ কেলেংকাৰিত জড়িত হোৱা দিল্লী আৰু হাৰিয়ানাৰ পৰীক্ষাগাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ উত্তৰাখণ্ড চৰকাৰে হৰিদ্বাৰ জিলা প্রশাসনক নির্দেশ দিছে৷ উল্লেখনীয় যে দিল্লী আৰু হাৰিয়ানাৰ পৰীক্ষাগাৰে হৰিদ্বাৰৰ পাঁচটা স্থানত কুম্ভমেলাত অংশগ্রহণ কৰা তীর্থযাত্রীসকলৰ ক’ভিড পৰীক্ষা চলাইছিল৷ কিন্তু এই পৰীক্ষাগাৰসমূহে তীর্থযাত্রীৰ ক’ভিড পৰীক্ষা নকৰাকৈ ভুৱা প্রমাণ–পত্র দিয়া বুলি শেহতীয়াকৈ অভিযোগ উত্থাপন হৈছে৷
সংবাদ মাধ্যমত প্রকাশ পোৱা প্রতিবেদন অনুসৰি ১ লাখ তীর্থযাত্রীৰ ক’ভিড পৰীক্ষা আছিল ভুৱা৷ যোৱা ১ এপ্রিলৰ পৰা ৩০ এপ্রিললৈ মহাকুম্ভমেলাৰ আয়োজন কৰা হৈছিল৷ হৰিদ্বাৰ আৰু ঋষিকেশ অঞ্চলত কুম্ভমেলাৰ যাত্রীসকলে বিভিন্ন ধর্মীয় অনুষ্ঠানতো অংশ লৈছিল৷ স্মর্তব্য যে ছ’চিয়েল ডেভেলপমেণ্ট ফৰ কমিউনিটী ফাউণ্ডেচন নামৰ সংস্থাটোৰ বিষয়ববীয়া অন্নপ নাওকিয়ালে উল্লেখ কৰা অনুসৰি ক’ভিড পৰীক্ষাৰ ফলাফল পৰীক্ষাগাৰসমূহে উত্তৰাখণ্ড চৰকাৰৰ সৈতে বিনিময় কৰা নাছিল৷ অর্থাৎ চৰকাৰক জনোৱা হোৱা নাছিল ক’ভিড পৰীক্ষাৰ সবিশেষ তথ্য৷ লক্ষণীয়ভাৱে কুম্ভমেলাৰ পিছতে দেশৰ বিভিন্ন ৰাজ্যত ক’ভিড সংক্রমণৰ দ্বিতীয় জোৱাৰে সংহাৰি ৰূপ ধাৰণ কৰিছিল৷