প্রবীণ বাঁওপন্থী নেতা মোহন বৰাৰ বিয়োগ
নিয়মীয়া বাৰ্তা, ১৯ জুনঃ যোৰহাটৰ বালিগাঁও অঞ্চলৰ প্রবীণ বাঁওপন্থী নেতা, কৃষক নেতা তথা বিশিষ্ট সমাজকর্মী মোহন বৰাৰ কালি বার্ধক্যজনিত কাৰণত যোৰহাটৰ নিজ বালিগাঁওস্থিত নিজ গৃহত দেহাৱসান ঘটে৷ ’৭০ৰ দশকতে কৃষক আন্দোলনৰ লগত ওতপ্রোতভাৱে জডিত হোৱা মোহন বৰা পিছলৈ নিখিল ভাৰত কৃষক সভাৰ যোৰহাট জিলা সমিতিৰ সম্পাদকৰ দায়িত্ব গ্রহণ কৰিছিল৷ মাজতে তেওঁ পঞ্চায়তৰ সচিব পদৰ এটা চৰকাৰী চাকৰিত নিযুক্ত হৈছিল৷ পাছত এই চাকৰি ত্যাগ কৰি তেওঁ কৃষক আন্দোলনৰ লগত অধিক সক্রিয়তাৰে যুক্ত হৈ পৰে৷ পিছলৈ তেওঁ ভাৰতৰ কমিউনিষ্ট পার্টী (মার্ক্সবাদী)ৰ সৈতে জডিত হৈ জিলা সমিতিৰ সদস্যৰ দায়িত্বও গ্রহণ কৰিছিল৷
অসম আন্দোলনৰ সময়ছোৱাত তেওঁ আৰু তেওঁৰ পৰিয়ালে উগ্র জাতীয়তাবাদী শক্তিৰ অকথ্য নির্যাতনৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ বালিগাঁৱৰ লগতে বৃহত্তৰ পহুমৰা অঞ্চলৰ কৃষকৰ মাটিৰ অধিকাৰ আন্দোলনৰ ক্ষেত্রত প্রয়াত বৰাৰ উল্লেখযোগ্য অৱদান আছিল৷ প্রয়াত মুখ্যমন্ত্রী হিতেশ্বৰ শইকীয়াৰ কার্যকালত তেওঁৰ নেতৃত্বত আন্দোলন কৰি যোৰহাট জিলাৰ বহু কৃষকে মাটিৰ অধিকাৰ লাভ কৰিবলৈ সক্ষম হৈছিল৷ এনে ৰাজনৈতিক সক্রিয়তাৰ উপৰি প্রয়াত মোহন বৰা সামাজিকভাৱেও অতি সক্রিয় ব্যক্তি আছিল৷ নিজবালিগাঁও প্রথমিক বিদ্যালয়, সেই অঞ্চলৰ পুথিভঁৰাল, সমবায় সমিতি আদি প্রতিষ্ঠাৰ ক্ষেত্রত মোহন বৰা এজন মুখ্য উদ্যোক্তা আছিল৷ মৃত্যুৰ সময়ত মোহন বৰাই তিনিজন পুত্র, বোৱাৰী, নাতি–নাতিনীসহ আত্মীয়–স্বজনৰ লগতে অসংখ্য গুণমুগ্ধক এৰি গৈছে৷
প্রয়াত মোহন বৰাই চিকিৎসা বিজ্ঞানৰ উৎকর্ষ সাধনৰ অর্থে মৰণোত্তৰ দেহদান কৰি থৈ গৈছিল৷ বর্তমানৰ ক’ভিড পৰিস্থিতিৰ পৰিপ্রেক্ষিতত ক’ভিড পৰীক্ষাৰ অন্তত নিগেটিভ ফলাফল অহাত আজি যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ শৰীৰতত্ত্ব বিভাগত তেওঁ দেহদান কৰা হয়৷ আজি বৰাৰ শেষকৃত্য অনুষ্ঠানত ইলোৰা বিজ্ঞান মঞ্চৰ যোৰহাট শাখাৰ কার্যকৰী সভাপতি নির্মল চন্দ্র গগৈ আৰু সম্পাদক ঋতুপর্ণ গোস্বামীকে ধৰি মঞ্চৰ অন্যতম সদস্য পিনাকী সেনগুপ্ত, পংকজ তামুলী, বিদ্যাধৰ কলিতা উপস্থিত থাকি মঞ্চৰ তৰফৰ পৰা তেওঁৰ প্রতি শ্রদ্ধাঞ্জলি জনায়৷ তেওঁৰ মৰণোত্তৰ দেহদানৰ কার্যসূচীত পৰিয়াল–বন্ধুবর্গ আৰু ইলোৰা বিজ্ঞান মঞ্চৰ কর্মকর্তাৰ লগতে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ ৰত্নকান্ত তালুকদাৰ আৰু শৰীৰতত্ত্ব বিভাগৰ অধ্যাপক ডাঃ ৰজত শইকীয়া উপস্থিত থাকি মোহন বৰাৰ পৰিয়ালবর্গক চিকিৎসালয়ৰ তৰফৰ পৰা এখন ধন্যবাদসূচক পত্র প্রদান কৰে৷ ইলোৰা বিজ্ঞান মঞ্চই মোহন বৰাৰ বিয়োগত গভীৰ শোক প্রকাশ কৰাৰ লগতে মানৱহিতৈষী ব্যক্তিগৰাকীৰ প্রতি শ্রদ্ধা নিবেদন কৰিছে৷ মঞ্চই তেওঁৰ শোকবিহ্বল আত্মীয়–স্বজন আৰু গুণমুগ্ধসকলৰ প্রতিও সমবেদনা জনাইছে৷