নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষী–শিক্ষা বিভাগত হ’ব সর্বাধিক নিযুক্তি

নিয়মীয়া বাৰ্তা, ১৯ জুনঃ  ৰাজ্য চৰকাৰে চলিত বর্ষতে দিবলগা এক লাখ নিযুক্তিৰ অধিকাংশ পদ পূৰণ কৰা হ’ব আৰক্ষী আৰু শিক্ষা বিভাগত৷ শুকুৰবাৰে এই কথা স্পষ্ট কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

এখন সংবাদ মেলত মুখ্যমন্ত্রীয়ে কয়– অতি কম সময়ৰ ভিতৰতে এক লাখ নিযুক্তিৰ বাবে বিজ্ঞাপন প্রকাশ কৰা হ’ব৷ যিসমূহ বিভাগত কাম বেছি, সেই বিভাগত বেছি পদ পূৰণ কৰা হ’ব৷ শিক্ষা আৰু আৰক্ষীত এইক্ষেত্রত সর্বাধিক নিযুক্তি দিয়া হ’ব৷

এই সন্দর্ভত মুখ্যমন্ত্রীয়ে কয়– ৰাজ্যৰ সর্বাংগীণ উন্নয়নৰ লগতে চৰকাৰে প্রতিশ্রুতি পূৰণৰ ক্ষেত্রত ক্ষিপ্রতাৰে কাম কৰিছে৷ মই ৰে’লখন স্পীডত চলাইছোঁ৷ মোৰ দৰে নেতা নাপাব৷ এমাহৰ ভিতৰতে কামবোৰ শেষ কৰিছোঁ৷ পাঁচ বছৰৰ কাৰণে ৰাইজে ভোট দিছে৷ গতিকে লাহে লাহে কৰিলেও হয়, কিন্তু মই উন্নয়নৰ কামবোৰ খৰখেদাকৈ কৰিছোঁ৷

ইফালে, চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিব বিচৰা হিতাধিকাৰীৰ ক্ষেত্রত এতিয়াৰে পৰা জনসংখ্যা নীতি প্রযোজ্য হ’ব বুলি মুখ্যমন্ত্রীগৰাকীয়ে শুকুৰবাৰে ঘোষণা কৰে৷ তেওঁ কয়– অসম চৰকাৰে অনাগত ভৱিষ্যতত জনসংখ্যা নীতি অনুসৰণ কৰিব৷ চাহ বাগিচা, এছ টি আৰু এছ চিৰ ক্ষেত্রত এই নিয়ম অনুসৰণ কৰা নহয়৷ বাকী সকলো আঁচনিৰ ক্ষেত্রত হিতাধিকাৰীয়ে অনুসৰণ কৰিব লাগিব জনসংখ্যা নীতি৷

চৰকাৰে একেকোবে সন্তান জন্ম দিয়াৰ ক্ষেত্রত এই জনসংখ্যা নীতি বলৱৎ কৰিব খোজা নাই৷ অর্থাৎ লাহে লাহে চৰকাৰী আঁচনি লাভৰ ক্ষেত্রত জনসংখ্যা নীতি অনুসৰণ কৰিব চৰকাৰে৷

You might also like