নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰুসজাইত নির্মিত ক’ভিড হাস্পতাল পৰিদর্শন ৰাজনাথ সিঙৰ

নিয়মীয়া বাৰ্তা, ১৯ জুনঃ  দুদিনীয়া ভ্রমণসূচী সামৰি শুকুৰবাৰে নতুন দিল্লীলৈ উভতি গ’ল কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং৷ বৰঝাৰস্থিত গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰৰ পৰা নতুন দিল্লীলৈ উৰা মৰাৰ পূর্বে নীলাচল পাহাৰত উপস্থিত হৈ কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী সিঙে মা কামাখ্যাৰ আশিস গ্রহণ কৰে৷ ইয়াৰ পাছতে তেওঁ ব্যক্তিগত কার্যসূচীৰে উপস্থিত হয় ‘সাদিন–প্রতিদিন গোষ্ঠী’ৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাৰ বাসগৃহত৷ নতুন দিল্লীলৈ উভতি যোৱাৰ পূর্বে কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রীজনে সৰুসজাইত প্রতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডি আৰ ডি অ’)ৰ সংযোগিতাত ৰাজ্য চৰকাৰে নির্মাণ কৰা ৩০০ বিছনাযুক্ত ক’ভিড হাস্পতালখন পৰিদর্শন কৰে৷

পৰিদর্শনৰ সময়ত কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রীজনে ক’ভিড ৰোগত আক্রান্ত ৰোগীসকলৰ চিকিৎসাৰ সা–সুবিধাৰ বিষয়ে বিতং বুজ লয়৷ ডি আৰ ডি অ’ৰ সহযোগিতাত ৰাজ্য চৰকাৰে অতি কম সময়ৰ ভিতৰতে নির্মাণ কৰি উলিওৱা ক’ভিড হাস্পতালখন পৰিদর্শনৰ অন্তত কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী সিঙে সংবাদ মাধ্যমৰ আগত কয় যে এই হাস্পতালখনে ৰাজ্য চৰকাৰক ক’ভিড–১৯ৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্রত বিশেষভাৱে সহায় কৰিব৷ স্বাস্থ্য খণ্ডত ৰাজ্য চৰকাৰৰ ই এক বৃহৎ সফলতা৷

স্মর্তব্য যে ডি আৰ ডি অ’ৰ সহযোগত ২১.৪৬ কোটি টকাৰ প্রকল্প ব্যয়েৰে নির্মাণ কৰি উলিওৱা এই ক’ভিড হাস্পতালখন যোৱা ১০ জুনত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই উদ্বোধন কৰিছিল৷ হাস্পতালখন পৰিদর্শনৰ সময়ত কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী সিঙৰ সৈতে আছিল মুখ্যমন্ত্রী ড০ শর্মাৰ উপৰি ৰাজ্যৰ স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত আৰু উদ্যোগ মন্ত্রী চন্দ্রমোহন পাটোৱাৰী৷ সেইদৰে কামাখ্যা মন্দিৰ দর্শন আৰু জয়ন্ত বৰুৱাৰ বাসগৃহলৈ যাওঁতে কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রীজনক সংগ দিয়ে মুখ্যমন্ত্রী ড০ শর্মা আৰু উদ্যোগ মন্ত্রী পাটোৱাৰীয়ে৷

উল্লেখ্য যে দুদিনীয়া কার্যসূচীৰে কালি অসমত উপস্থিত হৈছিল কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী সিং৷ তেওঁ অসম–অৰুণাচল প্রদেশ সীমান্তৰ কিমিন–প’টিন পথটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ লগতে অৰুণাচল প্রদেশত নির্মাণ কৰা আন ৯টা পথো ভার্চুৱেলী মুকলি কৰিছিল৷ একেটা অনুষ্ঠানতে তেওঁ ভার্চুৱেলী মুকলি কৰিছিল জম্মু–কাশ্মীৰ আৰু লাডাখৰ আন দুটা পথো৷

You might also like