‘ফ্লায়িং শিখ’ৰ মৃত্যুত দেশজুৰি শোকৰ ছাঁ, ৰাজ্যিক মর্যাদাৰে অন্ত্যেষ্টিক্রিয়া
নিয়মীয়া বাৰ্তা, ২০ জুনঃ দেশৰ এথলীট জগতৰ প্রথমগৰাকী ছুপাৰষ্টাৰ ফ্লায়িং শিখ মিলখা সিঙৰ মৃত্যুত দেশজুৰি গভীৰ শোকৰ ছাঁ পৰিছে৷ ১৯৬০ৰ ৰোম অলিম্পিকৰ ৪০০ মিটাৰ দৌৰত দুর্দান্ত প্রদর্শনেৰে চতুর্থ স্থান অধিকাৰ কৰি ভাৰতীয় এথলীট জগতলৈ নতুন জোৱাৰ কঢ়িয়াই অনা ৯১ বছৰীয়া কিংবদন্তি দৌৰবিদগৰাকীয়ে যোৱা নিশা চণ্ডীগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে৷ মিলখা সিঙৰ পুত্র তথা তাৰকা গ’ল্ফাৰ জিভ মিলখা সিঙে যোৱানিশা প্রায় ১২.৩০ বজাত কিংবদন্তি দৌৰবিদগৰাকীৰ মৃত্যুৰ খবৰ ৰাজহুৱা কৰে৷
উল্লেখ্য যে যোৱা মাহত মহামাৰী ক’ভিড–১৯ত আক্রান্ত হৈ মিলখা সিং চিকিৎসালয়ত ভর্তি হৈছিল৷ কিন্তু কিছুদিনৰ ভিতৰতে সুস্থ হৈ তেওঁ ঘৰলৈ ওভতে৷ এথলেটিকছৰ ট্রেকত অদম্য সাহস আৰু দৃঢ়তাৰ পৰিচয় দি ইতিহাস ৰচা দৌৰবিদগৰাকীয়ে ক’ভিড যুঁজতো শেষ হাঁহি মৰা বুলি অনুৰাগীয়ে আশা প্রকাশ কৰিছিল যদিও যোৱা সপ্তাহত তেওঁ প’ষ্ট ক’ভিড জটিলতাৰ বাবে পুনৰ চিকিৎসালয়ত ভর্তি হ’বলগীয়া হয়৷
বিশেষজ্ঞ চিকিৎসকৰ দলে দিনে–নিশাই নিৰীক্ষণত ৰখা মিলখা সিঙৰ ক’ভিড টেষ্ট বুধবাৰে নিগেটিভো আহিছিল৷ এই সংবাদে অনুৰাগীক কিছু সকাহ দিছিল৷ কিন্তু বৃহস্পতিবাৰে নিশাৰে পৰা ৯১ বছৰীয়া দৌৰবিদগৰাকীৰ শৰীৰত জ্বৰ আৰম্ভ হয় আৰু অক্সিজেনৰ পৰিমাণ ক্রমাৎ হ্রাস পাবলৈ ধৰে৷ চিকিৎসকে ততাতৈয়াকৈ মিলখা সিঙক আই চি ইউলৈ স্থানান্তৰ কৰে আৰু উন্নত চিকিৎসা আৰম্ভ কৰে৷ শুকুৰবাৰে দিনৰ ভাগলৈ তেওঁৰ অৱস্থা সুস্থিৰ আছিল যদিও সন্ধিয়ালৈ কিংবদন্তি দৌৰবিদগৰাকীৰ অক্সিজেনৰ পৰিমাণ অস্বাভাৱিক হাৰত কমি যায় আৰু নিশা প্রায় ১১.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে৷
উল্লেখ্য যে মহামাৰী ক’ভিড–১৯এ যোৱা সপ্তাহত মিলখা সিঙৰ পত্নী নির্মল কৌৰৰ প্রাণ কাঢ়ি নিছিল৷ ইয়াৰ পাছতে বর্ষীয়ান ক্রীড়াবিদগৰাকী অধিক অসুস্থ হৈ পৰে৷ ইফালে, তেওঁৰ মৃত্যুত প্রধানমন্ত্রী নৰেন্দ্র মোদী, ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দ আৰু কেন্দ্রীয় ক্রীড়ামন্ত্রী কিৰেণ ৰিজিজুৱে গভীৰ শোক প্রকাশ কৰিছে৷ টুইটাৰত মোদীয়ে কৈছে যে মিলখা সিঙে দুর্দান্ত প্রদর্শনেৰে ভাৰতীয় ক্রীড়া জগতক অনন্য মাত্রা প্রদান কৰিছিল আৰু আন্তঃৰাষ্ট্রীয় প্রেক্ষাপটত ভাৰতৰ গৌৰৱ বৃদ্ধি কৰিছিল৷ আনহাতে, ক্রীড়ামন্ত্রী ৰিজিজুৱে উল্লেখ কৰিছে যে মিলখা সিঙে ভাৰতৰ প্রতিটো প্রজন্মক অনুপ্রাণিত কৰি যাব আৰু তেওঁক ভাৰতবাসীয়ে সদায় মনত ৰাখিব৷ মিলখা সিঙৰ প্রতি সন্মান জনাই ভাৰতীয় ক্রিকেটাৰসকলেও আজি বাহুত ক’লা বেজ পৰিধান কৰি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত অৱতীর্ণ হৈছে৷
ভাৰতৰ কিংবদন্তি মহিলা দৌৰবিদ পি টি ঊষাই মিলখা সিঙৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰি কৈছে যে ফ্লায়িং শিখ মিলখা সিঙক আদর্শ আৰু প্রেৰণাৰ প্রতীক হিচাপে লৈ তেওঁ ট্রেকত নামিছিল৷ তেওঁৰ দৃঢ়তা, সাহস আৰু কঠোৰ পৰিশ্রমে ভাৰতৰ কোটি কোটি জনতাক অনুপ্রাণিত কৰি যাব৷ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো মিলখা সিঙৰ মৃত্যুত শোক প্রকাশ কৰিছে৷
মন কৰিবলগীয়া যে এছিয়ান গেমছত চাৰিটাকৈ স্বর্ণপদক জয়েৰে মিলখা সিঙে ভাৰতীয় এথলীট জগতক চহকী কৰিছিল যদিও ১৯৬০ৰ ৰোম অলিম্পিকত দাঙি ধৰা চমকপ্রদ প্রদর্শনৰ বাবেহে কিংবদন্তি দৌৰবিদগৰাকীক দেশবাসীয়ে স্মৰণ কৰি আহিছে৷ ৪০০ মিটাৰ দৌৰৰ ফাইনেলত বিজুলী গতিৰে দৌৰি তেওঁ পদক জয়ৰ সম্ভাৱনা সৃষ্টি কৰিছিল যদিও শেষ মুহূর্তত মাত্র কেইটামান ছেকেণ্ডৰ বাবে চতুর্থ স্থানত থমকি ৰ’বলগীয়া হয়৷ এই প্রদর্শনৰ পাছতে তেওঁ ভাৰতীয় ক্রীড়া জগতত ফ্লায়িং শিখ নামেৰে পৰিচিত হৈ পৰে৷ পদ্মশ্রী সন্মানেৰে বিভূষিত মিলখা সিঙে ১৯৫৬ আৰু ১৯৬৪ চনৰ অলিম্পিকতো দেশক প্রতিনিধিত্ব কৰিছিল৷ ১৯৫৮ৰ এছিয়ান গেমছৰ ২০০ মিটাৰ আৰু ৪০০ মিটাৰ স্বর্ণ জয় কৰা কিংবদন্তি দৌৰবিদগৰাকীয়ে ১৯৬২ৰ এছিয়ান গেমছতো অতুলনীয় প্রদর্শনেৰে ৪০০ মিটাৰ আৰু x৪০০ মিটাৰ ৰীলে দৌৰত দেশলৈ সোণৰ পদক কঢ়িয়াই আনিছিল৷ ১৯৬০ত মিলখা সিঙে লাহোৰত অনুষ্ঠিত এখন এথলেটিকছ প্রতিযোগিতাত পাকিস্তানৰ তাৰকা স্প্রিণ্টাৰ আব্দুল খালিকক পৰাস্ত কৰি দেশৰ ক্রীড়া জগতত খলকনি তুলিছিল৷ পাকিস্তানৰ প্রতিদ্বন্দ্বীক মিলখা সিঙে দেশৰ মাটিত হৰুৱাই অহাৰ আনন্দত তেতিয়াৰ প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৱে ৰাষ্ট্রীয় বন্ধ ঘোষণা কৰিছিল৷
আন্তঃৰাষ্ট্রীয় ক্রীড়া মঞ্চত ঐতিহাসিক প্রদর্শনেৰে কেইবাবাৰো দেশৰ মান–মর্যাদা বৃদ্ধি কৰা ক্রীড়াবিদগৰাকীৰ অন্ত্যেষ্টিক্রিয়া আজি চণ্ডীগড়ত ৰাজ্যিক মর্যাদাৰে সম্পন্ন কৰা হয়৷ পঞ্জাবৰ ৰাজ্যপাল ভি পি সিং, পঞ্জাবৰ বিত্তমন্ত্রী মনপ্রীত সিং বাদল, হাৰিয়ানাৰ ক্রীড়ামন্ত্রী সন্দীপ সিং আদিকে ধৰি কেইবাগৰাকীও গণ্য–মান্য ব্যক্তিৰ উপস্থিতিত ফ্লায়িং শিখ মিলখা সিঙৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা হয়৷ তেওঁৰ প্রতি শ্রদ্ধা জনাই পঞ্জাব চৰকাৰে এদিনৰ ৰাজ্যিক শোক আৰু এদিনৰ বন্ধ ঘোষণা কৰিছে৷ ইফালে, পঞ্জাবৰ মুখ্যমন্ত্রী অমৰিন্দৰ সিঙে পাটিয়ালা ক্রীড়া বিশ্ববিদ্যালয়ত মিলখা সিঙৰ নামত আসন সংৰক্ষণৰ কথা ঘোষণা কৰিছে৷