ৰাজ্যত আয়ুষ্মান ভাৰতৰ কার্ডৰ বৃহৎ ছিণ্ডিকেট
নিয়মীয়া বাৰ্তা, ২০ জুনঃ ৰাজ্যত আয়ুষ্মান ভাৰতৰ কার্ড প্রস্তুত কৰাৰ নামত ভয়ংকৰ জাল মেলিছে বৃহৎ দুষ্টচক্রই৷ যোৱানিশা হোজাইৰ ডবকা আৰক্ষীয়ে চক্রটোৰ তিনিজন যুৱকক আটক কৰে৷ চক্রটোৰ এজেণ্টসকলে গ্রামাঞ্চলৰ দৰিদ্র লোকৰ পৰা ৩০০ৰ পৰা ৫০০ টকাৰ বিনিময়ত প্রস্তুত কৰিছে হাজাৰ হাজাৰ ভুৱা আয়ুষ্মান ভাৰতৰ কার্ড৷
চক্রটোৱে প্রস্তুত কৰা কার্ড চিকিৎসালয়ত দেখুৱাৰ পিছতেই ধৰা পৰে চক্রটোৰ কু–কর্ম৷ তথ্য অনুসৰি ওদালগুৰিৰ স্বয়ম্ভু সাংবাদিক ৰফিক আলী আৰু বৰপেটাৰ আব্দুল কৰিমে ভুৱা আয়ুষ্মান ভাৰত কার্ড প্রস্তুত কৰাৰ নামত ৰাজ্যত নিয়োগ কৰিছে শ শ এজেণ্ট৷ হোজাই জিলাৰ একাংশ যুৱকৰ পৰা ধন লৈ আয়ুষ্মান ভাৰত কার্ড প্রস্তুত কৰিবলৈ দিছিল ভুৱা পাছৱর্ড৷ প্রায় ১৫ লক্ষাধিক টকা হোজাই জিলাৰ শিক্ষিত নিবনুৱাৰ পৰা অতি কৌশলেৰে একাউণ্টযোগে লুটিছিল দুষ্টচক্রটোৱে৷ হোজাই জিলাৰ একাংশ এজেণ্টে নতুন এজেণ্ট নিয়োগ কৰাৰ কথা কৈ অসাধু চক্রটোৰ অন্যতম অভিযুক্ত আব্দুল কৰিমক মাতি আনে হোজাইলৈ৷ ধনৰ লোভত নতুন এজেণ্ট নিয়োজিত কৰিবলৈ আহি জালত পৰিল আব্দুল কৰিমসহ তিনিজন যুৱক৷
আব্দুল কৰিমৰ ঘৰ বৰপেটাৰ সর্থেবাৰীৰ গৰিয়া চতলাত বুলি জানিব পৰা গৈছে৷ সহযোগী আখতাৰ হুছেইন আৰু ৰকিবুল ইছলামকো আটক কৰিছে আৰক্ষীয়ে৷ ৰকিবুল আৰু আখতাৰৰ ঘৰ মুকালমুৱাত৷ তিনিওকে আটক কৰি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে৷ ইতিমধ্যে তিনিওজনৰ পৰা আৰক্ষীয়ে ভুৱা প্রেছ কার্ড, ৱেব প’র্টেলৰ লগো, লেপটপ, কেইবাটাও ম’বাইল আৰু বিলাসী গাডী জব্দ কৰিছে৷ চক্রটোৰ বিৰুদ্ধে হোজাই থানাত গোচৰ তৰিছে একাংশ ভুক্তভোগী এজেণ্টে৷ ডবকা থানাত ভুক্তভোগী তফজুৰ ৰহমান নামৰ এজেণ্টজনে দিয়া এজাহাৰত উল্লেখ কৰা মতে দৰং জিলাৰ ৰফিক আলী আৰু বৰপেটাৰ সর্থেবাৰীৰ আব্দুল কৰিমে আয়ুষ্মান ভাৰত ই–কার্ডৰ কাম দিয়াৰ বাবে দুমাহ মান পূর্বে তিনি লাখ টকা লৈছিল যুৱকজনৰ পৰা৷
আয়ুষ্মান ভাৰত কার্ডৰ নামত ভুৱা ৱেবছাইট খুলি হোজাই জিলাৰ লগতে অসমৰ বিভিন্ন ঠাইৰ যুৱক–যুৱতীকCorporate PSA, Corporate Operator ID প্রদান কৰিছিল চক্রটোৱে৷ কিন্তু ৱেবছাইটটোত সকলো কাম কৰাৰ পিছত প্রদান কৰা কার্ডসমূহ হাস্পতালৰ পৰা অবৈধ বুলি এজেণ্টসকলক অৱগত কৰোৱা হয়৷ ইয়াৰ পাছতেই পোহৰলৈ আহিল সমগ্র ঘটনা৷ ভুক্তভোগী যুৱকসকলে মূল অভিযুক্ত ৰফিক আলীক ফোন কৰিলেই মুখ্যমন্ত্রীৰ সৈতে মিটিঙত ব্যস্ত আছে বুলি কৈ ফোন কাটি দিয়া আয়ুষ্মান অফিচাৰ এতিয়া ৰঙাঘৰৰ আলহী৷