আপোনাৰ সংসাৰখন সুখেৰে অতিবাহিত কৰিবলৈ মানি চলক এই নিয়ম
সাংসাৰিক জীৱনত এগৰাকী নাৰীৰ অবিহনে যিদৰে এজন পুৰুষ কেতিয়াও সম্পূর্ণ হব নোৱাৰে আৰু ঠিক সেইদৰে এজন পুৰুষৰ অবিহনে এগৰাকী নাৰী সম্পূর্ণ হব নোৱাৰে৷ ই চিৰন্তন সত্য৷ এই সত্যক মানিয়েই অগ্নিক সাক্ষী কৰি পৃথিৱীৰ সকলো পুৰুষ–মহিলা এক হৈ এখন সুখৰ সংসাৰ গগাত ব্যস্ত হৈ পৰে আৰু এই সুখৰ সংসাৰখন ভালদৰে আগুৱাই যাবলৈ বহু লোকে ঘৰখনৰ পুৰুষজনেই হওক বা নাৰীগৰাকীয়েই হওক কোনো ধৰণৰ আউল নলগাকৈ জীৱনটো অতিবাহিত কৰিব বিচাৰে৷ তথাপি তাৰ মাজতে এচামৰ সুখৰ সংসাৰখনত বহুতো আউল লগা দেখা যায়৷ সেয়া ভুল বুজাবুজি বা কথাবোৰ ইজনে সিজনৰ লগত মুকলিকৈ নপতাৰ ফলত দেখা যায়৷
সাংসাৰিক জীৱনত আমি সকলোৱেই সুখেৰে থাকিব বিচাৰোঁ৷ নিজৰ আপোনজনৰ সৈতে যাতে কোনোধৰণৰ মতবিৰোধ নহয়, সেই লৈ আমি যিমান পাৰোঁ ভালদৰে মিলি থাকিব বিচাৰোঁ৷ কিন্তু তাৰ মাজতো কেতিয়াবা কোনো কথাই ইজনৰ সিজনৰ মনত দুখ দি আমাৰ সুখৰ সংসাৰখন থানবান হোৱা দেখা যায়৷
সেয়ে সংসাৰখন সুখেৰে অতিবাহিত কৰিবলৈ হ’লে আমি কিছুমান কথা মন কৰিব লাগিব-
১৷ পতি–পত্নীৰ মাজত বুজাবুজি থকাটো বহুত গুৰুত্বপূর্ণ৷ কিয়নো বুজাবুজিৰ মাজেৰে এখন ঘৰ সুন্দৰকৈ পৰিচালনা কৰিব পাৰি৷
২৷ কোনো কথাৰ কটাকটি হলে তাক ধীৰে–সুস্থিৰে মীমাংসা কৰিব লাগে৷ অযথা হাই–উৰুমি কেতিয়াও কৰিব নালাগে৷
৩৷ কোনোৱে কোনো কথা কৈ দুই পতি–পত্নীৰ মাজত ভেদাভেদ আনিব পাৰে৷ সেয়ে এনেবোৰ কথাক লৈ কাজিয়া–পেছাল কৰাৰ আগতে নিজে এবাৰ কথাবোৰ কিমান যুক্তিসংগত, তাক দকৈ ভাবি চাব লাগে৷
৪৷ পতি–পত্নীৰ মাজৰ কোনো ব্যক্তিগত কথা কেতিয়াও আনৰ আগত সদৰী কৰিব নালাগে৷
৫৷ পতি–পত্নীৰ মাজত কেতিয়াও সন্দেহক ঠাই দিব নালাগে৷ ইয়াৰ পৰিৱর্তে নিজৰ মাজতে কথাবোৰ মুকলিকৈ পাতি সংসাৰখন সুখেৰে আগববাই নিব লাগে৷
৬৷ এখন সুখৰ সংসাৰ গিিবলৈ হলে বিশ্বাস শব্দটি পৰিয়ালৰ প্রত্যেকজন সদস্যৰ লগতে পতি–পত্নীৰ মাজতো থাকিব লাগিব৷ তেহে এখন সংসাৰ সুখেৰে ভৰি পৰিব৷
৭৷ নিজৰ আপোনজন অর্থাৎ পতি বা পত্নীক কেতিয়াবা কোনো কথাত উদাস যেন দেখিলে পৰিস্থিতি সাপেক্ষে সেই কথাৰ বুজ লৈ সমস্যাৰ সমাধান কৰা উচিত৷
৮৷ আনৰ কথাত পৰি নিজৰ ব্যক্তিগত জীৱনত কেতিয়াও আউল নলগাব৷ এনেবোৰ কথাই এটা সম্পর্ক পলকতে ধ্বংস কৰিব পাৰে।