গহপুৰত ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধিঃ ক’ভিড চেন্টাৰৰ পৰা পলাল আক্ৰান্ত মহিলা
নিয়মীয়া বাৰ্তা, ২০ জুনঃ ৰাজ্যৰ অন্য প্ৰান্তত ক’ভিড আক্ৰান্তৰ সংখ্যা হ্ৰাস পোৱাৰ বিপৰীতে গহপুৰ মহকুমাত দিনক দিনে বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা।
শনিবাৰৰ দিনটোত সৰ্বাধিকভাৱে ১০৫ জন লোকৰ শৰীৰত ধৰা পৰিছে ক’ভিড । স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, গহপুৰত শনিবাৰৰ বিয়লি পৰ্যন্ত ১৪৯৬ জনৰ গাত ক’ভিড ধৰা পৰাৰ বিপৰীতে মৃত্যু হৈছে ১৪ জনৰ।
এনেদৰে গহপুৰত ভয়াবহ ভাবে ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পাছতো বহু লোকৰ গাত এতিয়াও চেতনা অহা নাই। ইপিনে গহপুৰত থকা দুয়োটা ক’ভিড চেন্টাৰৰ বিচনাৰ অভাৱ ঘটিছে। ইয়াৰ মাজতে গহপুৰ নগৰৰ ছয়দুৱাৰ মহাবিদ্যালয়ৰ ক’ভিড চেন্টাৰৰ পৰা জচিলা মুণ্ডা নামৰ ৫৫ বছৰীয়া মহিলাগৰাকীয়ে পলায়ন কৰিছে। এই খবৰে ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছ।