নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধায়কৰ বিজেপি গমন ৰুধিবলৈ ২৪ জুনত চিএলপি

নিয়মীয়া বাৰ্তা, ২১ জুনঃ মহাসংকটত পৰিছে ৰাজ্যৰ কংগ্রেছ দল৷ মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুর্মী, গুৱাহাটী মহানগৰ জিলা কংগ্রেছৰ সভানেত্রী জুৰি শর্মা বৰদলৈৰ দল ত্যাগৰ পাছতেই কংগ্রেছত দল ত্যাগৰ জোৱাৰ উঠিছে৷ বর্তমানৰ প্রদেশ কংগ্রেছৰ ৭–৮গৰাকী সাধাৰণ সম্পাদক–সম্পাদকৰ লগতে শোণিতপুৰ–নগাঁও জিলা কংগ্রেছৰ বুজনসংখ্যক নেতাই অচিৰেই গেৰুৱা বসন পৰিধানৰ বাবে আগ্রহ প্রকাশ কৰি বিজেপিৰ বিভিন্ন পর্যায়ৰ নেতৃত্বৰে সঘন যোগাযোগত থকা খবৰে কংগ্রেছ শিবিৰত কঁপনিৰ সৃষ্টি কৰিছে৷

ৰাজ্যৰ কংগ্রেছ দলত এনে অচলাৱস্থা বাহাল থকাৰ সময়তে দেওবাৰে দলৰ সকলো বিষয়বাবৰ পৰা পদত্যাগ কৰিলে কংগ্রেছ নেতা দিলীপ শর্মাই৷ প্রদেশ কংগ্রেছৰ মুখপাত্র, মিডিয়া বিভাগৰ সাধাৰণ সম্পাদক, সামাজিক মাধ্যম বিভাগৰ সাধাৰণ সম্পাদক আৰু ৰাজীৱ গান্ধী পঞ্চায়তীৰাজ সংগঠনৰ অসম ৰাজ্যিক কমিটীৰ অধ্যক্ষৰ দায়িত্বৰ পৰা দিলীপ শর্মাই দেওবাৰে পদত্যাগ কৰে৷

ইপিনে ৰূপজ্যোতি কুর্মীৰ পাছত আৰু একাংশ কংগ্রেছ বিধায়ক বিজেপি গমনৰ বাবে সাজু হোৱাৰ খবৰে সাংঘাটিক অস্বস্তিত পেলাইছে কংগ্রেছক৷ অসহায় নেতৃত্বই কংগ্রেছ বিধায়কৰ বিজেপি গমন ৰোধ কৰিবলৈ অহা ২৪ জুনৰ বিয়লি ৫ বজাত আহ্বান কৰা হৈছে কংগ্রেছ বিধায়িনী দলৰ বৈঠক৷ দলীয়ভাৱে অহা ১২ জুলাইৰ পৰা হ’বলগীয়া বিধানসভাৰ বাজেট অধিৱেশনৰ পৰিপ্রেক্ষিতত সেই বিধায়িনী বৈঠকৰ আয়োজন কৰা বুলি কোৱা হৈছে যদিও দলীয় এক সূত্রৰ মতে দলটোৰ বিধায়কসকলক কেনেদৰে ধৰি ৰাখিব পাৰি, সেই সম্পর্কত পর্যালোচনাৰ বাবেহে সেই বৈঠকখনৰ ব্যৱস্থা কৰিছে৷ এই প্রসংগতে উল্লেখনীয় এয়ে যে ৰূপজ্যোতি কুর্মীৰ পদত্যাগৰ পাছতেই দলটোৰ বৰাক উপত্যকাৰ এগৰাকী আৰু উজনি অসমৰ এগৰাকী কংগ্রেছ বিধায়কে দল এৰি বিজেপিত যোগদান কৰিব বুলি বিভিন্ন মাধ্যমত খবৰ ওলাইছে৷

আনকি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসেও সেই খবৰৰ সত্যতা অস্বীকাৰ কৰা নাই৷ সভাপতি দাসে কালি সংবাদ মাধ্যমৰ আগত অতি স্পষ্টভাৱে বৰাক উপত্যকাৰ এগৰাকী কংগ্রেছ বিধায়কে তেওঁক সাক্ষাৎ কৰি বিজেপিত যোগদানৰ বাবে আগ্রহ ব্যক্ত কৰাৰ বিষয়ে প্রকাশ কৰিছে৷

আনহাতে, উজনি অসমৰ এগৰাকী কংগ্রেছ বিধায়কে বিজেপিত যোগদান কৰিব বুলি প্রচাৰিত খবৰে কংগ্রেছৰ ভিতৰচ’ৰাত ইজনৰ প্রতি সিজনৰ সন্দেহ উপজিছে৷ কিয়নো ৰূপজ্যোতি কুর্মীয়ে দল এৰাৰ পাছত উজনি অসমৰ তিনিজনহে কংগ্রেছ বিধায়ক আছে৷ তেওঁলোক হৈছে– দেৱব্রত শইকীয়া, সুশান্ত বৰগোহাঁই আৰু ভাস্কৰজ্যোতি বৰুৱা৷ ৰূপজ্যোতি কুর্মীৰ পদাংক অনুসৰণ কৰি সেই তিনিজনৰ কোন বিজেপিমুখী হ’বলৈ ওলাইছে, তাক লৈ কংগ্রেছৰ অভ্যন্তৰত সৰৱ চর্চা চলি থকাৰ লগতে বৃদ্ধি পাইছে সন্দেহ৷

ইফালে প্রদেশ কংগ্রেছৰ নতুন সভাপতিক লৈও দলটোৰ ভিতৰচ’ৰাত বৃদ্ধি পাইছে নতুন উত্তাপ আৰু উত্তেজনা৷ নতুন সভাপতি সম্পর্কত প্রদ্যুৎ বৰদলৈ, ভূপেন কুমাৰ বৰা আৰু দেৱব্রত শইকীয়াৰ নাম বিভিন্ন মহলত চর্চা চলি থকাৰ সময়তে প্রদ্যুৎ বৰদলৈক ভেটা দিবলৈ কঁকালত টঙালি বান্ধিছে কংগ্রেছ বিধায়িনী দলৰ উপ–দলপতি ৰকিবুল হুছেইনে৷

কংগ্রেছৰ এক সূত্রই জানিবলৈ দিয়া মতে, প্রদ্যুৎ বৰদলৈ যাতে প্রদেশ কংগ্রেছৰ সভাপতি হ’ব নোৱাৰে, তাৰ বাবে যোৱা কেইটামান দিনৰ ভিতৰত দলটোৰ জ্যেষ্ঠ নেতাৰ লগতে বিধায়কসকলৰ তৰফৰ পৰা জাপে জাপে পত্র হাইকমাণ্ডলৈ প্রেৰণ কৰিছে৷ প্রায়সংখ্যকেই প্রদেশ কংগ্রেছৰ পৰৱর্তী সভাপতি হিচাপে ভূপেন কুমাৰ বৰাৰ সমর্থনত হাইকমাণ্ডক পত্র দিছে৷ এইক্ষেত্রত একাংশই দ্বিতীয় পছন্দৰ স্থানত ৰাখিছে দেৱব্রত শইকীয়াক৷

সূত্রটোৰ মতে, হাইকমাণ্ডক এনেদৰে পত্র প্রেৰণ অভিযানৰ নেতৃত্ব বহন কৰিছে ৰকিবুল হুছেইনে৷ হুছেইনৰ পৰামর্শ অনুসৰিয়েই দলৰ জ্যেষ্ঠ নেতা তথা বিধায়কসকলৰ জৰিয়তে হাইকমাণ্ডক প্রদেশ কংগ্রেছৰ পৰৱর্তী সভাপতি হিচাপে ভূপেন কুমাৰ বৰা আৰু দেৱব্রত শইকীয়াহে তেওঁলোকৰ পছন্দৰ প্রার্থী হিচাপে প্রক্ষেপ কৰি প্রদ্যুৎ বৰদলৈক ৰুধিব বিচাৰিছে৷

You might also like