নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লিকাবালিৰ মালিনী মন্দিৰত পূজা–অর্চনা ড০ হিমন্ত বিশ্ব শর্মাৰ

নিয়মীয়া বাৰ্তা, ২১ জুনঃ  সদ্যগঠিত বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ এইবাৰৰ মুখ্যমন্ত্রীৰ আসন অলংকৃত কৰা অসমৰ বর্তমানৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দেওবাৰে প্রথমবাৰৰ বাবে দুদিনীয়া চৰকাৰী কার্যক্রমণিকাৰে উপস্থিত হয়হি ধেমাজি জিলাত৷ সন্ধিয়া ৬.৩০ বজাত ডিব্রুগডৰ পৰা বগীবিল হৈ প্রথমে উপস্থিত হয় চিলাপথাৰস্থিত দেউৰীঘাট চাৰিআলিত৷

দেউৰীঘাটৰ পৰা মাজুলীলৈ ব্রহ্মপুত্রৰ পাৰে পাৰে নির্মাণ হ’ব লগা দ্বৈত পকী পথ পৰিদর্শন কৰি মুখ্যমন্ত্রীগৰাকী উপস্থিত হয়গৈ অসম–অৰুণাচলৰ সীমান্তত থকা লিকাবালিৰ মালিনী মন্দিৰত৷ তাতেই পূজা–র্চনা আগবঢ়ায় মুখ্যমন্ত্রীগৰাকীয়ে৷ মুখ্যমন্ত্রীগৰাকীয়ে উল্লেখ কৰে যে মালিনী থান কেৱল অৰুণাচলৰ বা অসমৰ সম্পদ নহয়, এয়া মাৰ স্থান৷ গতিকে মালিনী থানৰ আৰু উন্নয়ন হ’ব৷ ইতিমধ্যে দুয়োখন ৰাজ্যৰ জিলা দুখনৰ উপায়ুক্তৰ সৈতে এই সন্দর্ভত আলোচনাও কৰা বুলি মত ব্যক্ত কৰে৷

আনহাতে, উল্লেখ কৰে যে ধেমাজিলৈ আহিলেই মা মালিনীৰ ওচৰলৈ আহি সেৱা লয় তেওঁ৷

 

You might also like