নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনলাইনযোগে কটন বিশ্ববিদ্যালয়ৰ যোগ দিৱস পালন

নিয়মীয়া বাৰ্তা ২১ জুনঃ সাম্প্ৰতিক ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কটন বিশ্ববিদ্যালয়ে সোমবাৰে জুম মিডিয়া প্লেটফৰ্মৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰে।

ড০ সংগীতা বৰঠাকুৰে আঁত ধৰা অনুষ্ঠানটোত বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ড০ প্ৰশান্ত শৰ্মাই আদৰণী ভাষণ প্ৰদান কৰে।

উপাচাৰ্য ড০ ভৱেশ চন্দ্ৰ গোস্বামীয়ে উদ্বোধনী ভাষণত দৈনন্দিন জীৱনত যোগৰ উপকাৰিতাৰ ওপৰত আলোকপাত কৰাৰ লগতে সকলোকে নিয়মীয়াকৈ যোগাসন কৰিবলৈ আহ্বান জনায়।

তেওঁ কয়- “আমি আজি এই দিৱসটো পালন কৰিবলৈ ইয়াত এনেদৰে গোট খাইছোঁ। কাৰণ আমি সকলোৱে স্বাস্থ্যকৰ জীৱনৰ বাবে যোগৰ গুৰুত্ব উপলব্ধি কৰিছোঁ।”

কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক দিগন্ত কুমাৰ দাস আৰু ছাত্ৰ কল্যাণ ডীন দেৱজিৎ শৰ্মায়ো বক্তব্য আগবঢ়ায়।

যোগ বিশেষজ্ঞ অংকিতা বৰঠাকুৰৰ যোগাসন প্ৰদৰ্শন আছিল এই অনুষ্ঠানৰ মূল আকৰ্ষণ। বৰঠাকুৰৰ লগতে অংশগ্ৰহণকাৰীসকলেও যোগাসন কৰে।

অনুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ যথেষ্টসংখ্যক শিক্ষক-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন কটনিয়ান, অতিথি আৰু সংবাদকৰ্মীয়ে অংশগ্ৰহণ কৰে।

আয়োজক সমিতিৰ আহ্বায়ক ড০ দেৱজ্যোতি বৰুৱাই শলাগৰ শৰাই আগবঢ়ায়।

You might also like