নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিত কংগ্রেছ–বিজেপি সমর্থকৰ মাৰপিট

নিয়মীয়া বাৰ্তা, ২২ জুনঃ  নগাঁও জিলাৰ চামগুৰিত সোমবাৰে বিল আৰু বজাৰৰ নিবিদাক কেন্দ্র কৰি কংগ্রেছ আৰু বিজেপি কর্মীৰ মাজত মাৰপিট হয়৷

উল্লেখ্য যে চামগুৰি সমষ্টিৰ বাজিয়াগাঁও উন্নয়ন খণ্ডৰ অধীনৰ বাজিয়াগাঁও আঞ্চলিক পঞ্চায়তৰ অন্তর্গত বজাৰ আৰু মীন মহলবোৰ ১৯৯৪ চনৰ অসম পঞ্চায়ত আইন মতে এবছৰৰ বাবে মোৱামাৰী দৈনিক বজাৰ, টেকেলিপুটা দৈনিক বজাৰ, টেকেলিপুটা সাপ্তাহিক বজাৰ, বৰমা অর্ধসাপ্তাহিক বজাৰ, চামগুৰি সাপ্তাহিক বজাৰ, আমনি তিনিআলি সাপ্তাহিক বজাৰ, আমনি আমতলা দৈনিক বজাৰ, গেন্ধেলী সাপ্তাহিক বজাৰ, তেলিয়াগাঁও বালি সাপ্তাহিক বজাৰ, আমলখি বাগান সাপ্তাহিক বজাৰ আৰু পেনাই বিল, ভগামূৰ বিল, এৰাকলং বিল, সোণাৰিবালি, গটঙা ডোবাকে ধৰি মুঠ ১০খন বজাৰ–বিলৰ আজি নিবিদা দিয়াৰ অন্তিম দিন আছিল৷

সোমবাৰে পুৱা প্রথমে বিজেপি দলৰ সমর্থক নিবিদাকাৰীসকলে শান্তি পূর্ণভাৱে নিবিদা জমা দিয়ে৷ পৰৱর্তী সময়ত কংগ্রেছ দলৰ সমর্থক নিবিদাকাৰীসকলে নিবিদা জমা দিবলৈ বাজিয়াগাঁও উন্নয়ন খণ্ড কার্যালয়ত উপস্থিত হয়৷ কংগ্রেছ আৰু বিজেপিৰ দুয়োটা দলৰ সমর্থকসকল বাজিয়াগাঁও উন্নয়ন খণ্ডটোত উপস্থিত হোৱাৰ পাছত বজাৰ আৰু বিলসমূহৰ নিবিদা জমা দিয়াক কেন্দ্র কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱাৰ লগতে দুয়োপক্ষৰ মাজত মাৰপিট হয়৷

নিবিদাক কেন্দ্র কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱাত কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাস আৰু চামগুৰি আৰক্ষী থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া কৃষ্ণকান্ত দলেৰ নেতৃত্বত এটা আৰক্ষী দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ সক্ষম হয়৷ দুয়োপক্ষৰ মাজত হোৱা মাৰপিটত কেইবাজনো লোক আহত হয়৷ আনহাতে, এই উত্তপ্ত পৰিস্থিতিৰ কাৰণে জিলা প্রশাসনে আজি নিবিদা স্থগিত ৰাখিব লগাত পৰে৷ আনহাতে, নগাঁও জিলা উপায়ুক্তৰ নির্দেশমর্মে চামগুৰি ৰাজহ চক্রৰ সংলগ্ণ চক্র বিষয়া অস্মিতা ৰেখা বৰা ঘটনাস্থলীত উপস্থিত হৈ মাৰপিটৰ ঘটনাৰ পূর্বে শান্তিপূর্ণভাৱে যিসকলে নিবিদা জমা দিলে সেইসমূহ বৈধ হিচাপে গণ্য কৰা হ’ব বুলি ঘোষণা কৰে৷

লগতে যিসকল লোকে আজি নিবিদা জমা দিবলৈ সক্ষম নহ’ল সেইসকলে অহা ২৩ জুনৰ পুৱা ১১বজাৰ পৰা বিয়লি ৩ বজালৈকে চামগুৰি ৰাজহ চক্রৰ কার্যালয়ত নিবিদা জমা দিব পাৰিব বুলি চামগুৰি ৰাজহ চক্রৰ সংলগ্ণ চক্র বিষয়াগৰাকীয়ে ঘোষণা কৰে বুলি জানিব পৰা গৈছে৷

You might also like