দুর্দমনীয় যোদ্ধাৰ ক্ল’ন বনাবলৈ সাজু ৰাছিয়া
তিনি হাজাৰ বছৰ পুৰণি ছিছিয়ানছৰ দেহৰ পৰা সংগ্রহ ডিএনএ
নিয়মীয়া বাৰ্তা ২২ জুনঃ অভাৱনীয় তথা অকল্পনীয় বিভিন্ন কাম কৰি দেখুওৱাটো ৰাছিয়াৰ এক ধর্ম৷ তিনি হাজাৰ বছৰ পূর্বৰ এক যাযাবৰ গোষ্ঠীৰ যোদ্ধাসকলৰ হুবহু নকল বা ক্ল’ন বনাবলৈ আগবাঢ়িছে ৰাছিয়া৷ ক’বলৈ গ’লে এই সৈনিকসকল বাস্তৱৰ ‘ইউনিভার্ছেল ছ’লজাৰ’৷ ভয়ংকৰ সৈনিকৰ এনে দল এটাক পৰাজিত কৰাটো প্রায় অসম্ভৱ৷ কিহৰ বাবে ৰাছিয়াই এই বাহিনী গঠন কৰিবলৈ ওলাইছে সেয়া এতিয়াও স্পষ্ট নহয়৷ তথাপি ৰাছিয়াৰ প্রতিৰক্ষামন্ত্রী ছের্গেই ছইগুৱে উল্লেখ কৰা অনুসৰি চৰকাৰে এই ক্ল’ন বাহিনী গঠনত ইতিবাচক সঁহাৰি দিছে৷ ৰাছিয়া বিশ্বৰ বৃহত্তম সেনা শক্তিবোৰৰ ভিতৰত অন্যতম৷ সেনাৰ সংখ্যাতো বাদেই, ক্ষমতাৰ দিশৰ পৰাও অন্যতম শ্রেষ্ঠ এই দেশৰ বাহিনী৷ লক্ষণীয়ভাৱে দেশখনৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে সশস্ত্র বাহিনীক অধিক শক্তিশালী কৰাৰ নির্দেশ দিছে৷ এই নির্দেশ লাভ কৰাৰ পিছতে বিভিন্ন আঁচনি গ্রহণ কৰিছে প্রতিৰক্ষামন্ত্রীগৰা৷
স্মর্তব্য যে পুটিনৰ অতি ঘনিষ্ঠ প্রতিৰক্ষামন্ত্রী ছের্গেই ৰাছিয়াৰ সেনাপ্রধানৰো দায়িত্বত আছে৷ পুটিনৰ আস্থাক সদায় গুৰুত্ব প্রদান কৰি আহিছে প্রতিৰক্ষামন্ত্রীগৰা৷ ৰাছিয়াৰ সেনাৰ বাবে বিশেষ ক্ল’ন বাহিনী গঠনৰ চিন্তা–চর্চা প্রতিৰক্ষামন্ত্রীৰ তৰফৰ পৰাই আহিছে৷ ইয়াৰ বাবে তিনি হাজাৰ বছৰ পুৰণি যাযাবৰী যোদ্ধাসকলৰ মৰণোত্তৰ অৱশিষ্ট সংগ্রহ কৰি ইয়াৰ ডি এন এ লৈ গৱেষণাৰ কামো আৰম্ভ কৰিছে ৰাছিয়াই৷ ছিছিয়ানছ নামৰ এই যাযাবৰ যোদ্ধাসকলৰ মৰণোত্তৰ অৱশিষ্ট প্রায় দুই দশক পূর্বেই উদ্ধাৰ হৈছিল ছাইবেৰিয়াৰ তুন্দ্রা অঞ্চলত৷ যাযাবৰ জাতি ছিছিয়ানছসকল আছিল মংগোলীয় গোষ্ঠীৰ পূর্বপুৰুষ৷ খ্রীষ্টপূর্ব নৱম শতাব্দীৰ পৰা খ্রীষ্টপূর্ব দ্বিতীয় শতাব্দী পর্যন্ত তেওঁলোক আছিল ইৰানৰ বাসিন্দা৷ এসময়ত ইউৰেছিয়াৰ বিস্তীর্ণ অঞ্চলত দৌৰাত্ম্য চলিছিল এই ছিছিয়ানসকলৰ৷ পৰৱর্তী সময়ত ইউৰেছিয়াৰ বৃহৎ অঞ্চল দখল কৰি লৈছিল ছিছিয়ানসকলে৷ আনকি ভাৰততো আহি তেওঁলোকে পদার্পণ কৰিছিল৷ এই যোদ্ধাসকলৰ জিনৰ পৰাই হুবহু নকল যোদ্ধা সৃষ্টি কৰিব ৰাছিয়াই৷