আন্দ্র’মেডা তাৰকাৰাজ্যৰ এলিয়েনৰে ব্রিটিছ মহিলাৰ প্রেম!
শোৱনিকোঠাৰ পৰা অপহৰণ কৰিছিল ইউএফ’য়ে
নিয়মীয়া বাৰ্তা ২২ জুনঃ ব্রিটেইনৰ এগৰাকী মহিলাই দাবী কৰিছে যে তেওঁৰ এলিয়েনৰ সৈতে প্রণয়ৰ সম্পর্ক চলি আছে৷ আবি বেলা নামৰ মহিলাগৰাকীয়ে দাবী কৰা অনুসৰি এলিয়েনৰ এটা গোটে তেওঁক অপহৰণ কৰিছিল৷ অপহৰণৰ পিছতে এলিয়েন এটাৰ সৈতে প্রণয়ৰ সম্পর্ক গঢ়ি উঠে বেলাৰ৷ পৃথিৱীৰ সকলো পুৰুষতকৈ হেনো এই এলিয়েনটো ধুনীয়া৷ বেলাৰ প্রতি আছে হেনো প্রাণাধিক প্রেম৷ লক্ষণীয়ভাৱে বিভিন্ন সময়ত এলিয়েনক লৈ বহু চর্চা চলি আহিছে৷ বহুতে পৃথিৱীত এলিয়েন বা ইউ এফ অ’ৰ উপস্থিতিৰ তথ্য লাভ কৰা বুলি দাবী কৰি আহিছে৷ কিন্তু বিজ্ঞানীসকলে এনে দাবীক কেতিয়াও মানি লোৱা নাই৷ ব্রিটিছ মহিলা বেলাই দাবী কৰা অনুসৰি যিটো এলিয়েনৰ সৈতে তেওঁৰ প্রণয়ৰ সম্পর্ক গঢ়ি উঠিছে সেই এলিয়েনটো আন্দ্র’মেডা তাৰকাৰাজ্যৰ বাসিন্দা৷ বেলাই দাবী কৰা অনুসৰি চলিত মাহৰ প্রথম ভাগতে নিজ শোৱনিকোঠাৰ পৰা এলিয়েনে তেওঁক অপহৰণ কৰিছিল৷ বেলাৰ কাহিনীক অৱশ্যে বিভিন্ন মহলে মনেসজা বুলি উল্লেখ কৰিছে যদিও ডেইলী ষ্টাৰে এই সন্দর্ভত প্রকাশ কৰা প্রতিবেদনক লৈ ব্যাপক চর্চা চলিছে৷