ডিগবৈত কৃষিমন্ত্ৰী অতুল বৰা উপস্থিত হৈ বুজ লয় ক’ভিড টিকাকৰণ কেন্দ্ৰ
নিয়মীয়া বাৰ্তা, ২২ জুনঃ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰী তথা কৃষিমন্ত্ৰী অতুল বৰা আজি উপস্থিত হয় ১২৩ নং বিধান সভা সমষ্টিৰ ডিগবৈত। ডিগবৈত উপস্থিত হৈ ক’ভিড টিকাকৰণ কেন্দ্ৰসমুহ পৰিদৰ্শন কৰি বোজ লয়৷
তিনিচুকীয়া জিলাখনত ক’ভিড পৰিস্থিতি সন্তোষজনক বুলি উল্লেখ কৰি জিলাখনত সদ্যহতে সম্পূৰ্ণ লকডাউন দিয়াৰ পৰিকল্পনা নাই বুলি উল্লেখ কৰে। কৃষিমন্ত্ৰী অতুল বৰাৰ লগতে সাংসদ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলি, তিনিচুকীয়াৰ উপায়ুক্তকে আদি কৰি ডিগবৈ বিধানসভা সমষ্টিৰ বিধায়ক সুৰেন ফুকন উপস্থিত থাকে।
ইপিনে ডিব্ৰুগড়ৰ মৰাণত থকা অসম বীজ নিগমৰ অধীনস্থ হাটখোলা বীজ ফাৰ্ম মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ আৰু কৃষি বিভাগৰ সচিব তথা ডিব্ৰুগড় জিলাৰ অভিভাৱক সচিব অনন্তলাল জ্ঞানীৰ উপস্থিতিত পৰিদৰ্শন কৰি কৃষকসকলক অধিক উপকৃত কৰিব পৰাকৈ ফাৰ্মখন উন্নত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ আগবঢ়ায়।