নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘আপোন ঘৰ’ আঁচনিৰ হিতাধিকাৰীৰ ঋণ ৰেহাইৰ বাবে ৩৮.৫০ কোটি টকা মুকলি

নিয়মীয়া বাৰ্তা ২৩ জুনঃ ৰাজ্য চৰকাৰৰ কর্মচাৰীসকল উপকৃত হ’ব পৰাকৈ চৰকাৰে গ্রহণ কৰা ‘আপোন ঘৰ’ আঁচনিৰ হিতাধিকাৰীৰ ঋণ ৰেহাইৰ বাবে আজি বিত্ত বিভাগে ৩৮.৫০ কোটি টকাৰ অনুমোদন জনায়৷ হিতাধিকাৰী কর্মচাৰীসকলে কেইবামাহ ধৰি সুদৰ অংশ ৰেহাই নোপোৱাৰ বিষয়টো ইতিমধ্যে বিত্তমন্ত্রীৰ দৃষ্টিগোচৰ কৰিছিল৷ শেহতীয়াভাৱে ‘আপোন ঘৰ’ আঁচনিৰ হিতাধিকাৰীৰ ঋণ ৰেহাইৰ বিষয়টোৰ ক্ষেত্রত বিত্তমন্ত্রী অজন্তা নেওগে প্রতিবেদন বিচাৰে আৰু বিষয়টোৰ গুৰুত্ব অনুধাৱন কৰি কর্মচাৰীৰ ঋণ ৰেহাইৰ বাবে ৩৮.৫০ কোটি টকা অনুমোদন জনায়৷ তাৎপর্যপূর্ণ যে ৰাজ্য চৰকাৰৰ ‘আপোন ঘৰ’ অভিলাষী আঁচনিখনৰ জৰিয়তে ৰাজ্যৰ ৩১,৯৯৬গৰাকী চৰকাৰী বিষয়া–কর্মচাৰী উপকৃত হৈছে৷

ইতিমধ্যে এই আঁচনিখন ৰূপায়ণৰ বাবে ২০১৭–১৮ বিত্তীয় বর্ষত ৫ কোটি টকা, ২০১৮–১৯ বিত্তীয় বর্ষত ৭০ কোটি টকা, ২০১৯–২০ বিত্তীয় বর্ষত ৪৯.২৪ কোটি টকা মুকলি কৰি দিয়া হৈছিল৷ এই আঁচনিৰ জৰিয়তে এজন কর্মচাৰীয়ে সর্বাধিক ১৫ লাখ টকা পর্যন্ত ঋণ লাভৰ বাবে যোগ্য বিবেচিত হয়৷ আজি বকেয়া ধন ৰাজ্য চৰকাৰে আদায় কৰাৰ পিছত বিত্তমন্ত্রী অজন্তা নেওগক কৃতজ্ঞতা জ্ঞাপন কৰিছে অসম সচিবালয় সেৱা সন্থাই৷ এক বিবৃতিত সন্থাৰ সভাপতি প্রদীপ গগৈ আৰু সাধাৰণ সম্পাদক পার্থ হাজৰিকাই কয় যে অনাদায় সুদৰ অংশৰ বাবে প্রয়োজন হোৱা ধন অনতিপলমে মোকলাই দিয়াৰ বাবে বিত্ত বিভাগে প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিব৷ একে সময়তে এই আঁচনিৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি নতুন ইচ্ছুক কর্মচাৰীসকলকো পৰৱর্তী বিত্তীয় বর্ষত কম সুদত গৃহ ঋণ লাভৰ ব্যৱস্থা কৰিবলৈ চৰকাৰে যাৱতীয় পদক্ষেপ গ্রহণ কৰিব বুলিও সন্থাই আশা প্রকাশ কৰে৷

You might also like