দিছপুৰত বিধায়কৰ বাবে উপযুক্ত আৱাসৰ অভাৱ
নিয়মীয়া বাৰ্তা ২৩ জুনঃ ৰাজধানী দিছপুৰত বিধায়কসকলৰ বাবে উপযুক্ত আৱাসৰ অভাৱ ঘটিছে৷ বিধানসভা কর্তৃপক্ষই পুৰণা বিধায়ক আৱাসত থকা অসম আর্হিৰ কিছু পুৰণি আৱাসগৃহ ভাঙি নতুনকৈ অট্টালিকা নির্মাণ কৰিছে যদিও সকলো বিধায়কক সেই অট্টালিকাৰ ফ্লেটত আবণ্টন দিব পৰা হোৱা নাই৷ ইয়াৰ বাবে এইবাৰ বহু বিধায়কে জৰজীর্ণ পুৰণা বিধায়ক আৱাসত থাকিবলগীয়া অৱস্থাৰ উদ্ভৱ হৈছে৷ ইয়াকে কেন্দ্র কৰি বহু বিধায়কৰ মাজত বিশেষকৈ বিৰোধী দলৰ বিধায়সকলৰ মাজত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ একাংশ বিধায়কৰ মাজত উদ্ভৱ হোৱা তেনে ক্ষোভ, অসন্তুষ্টিৰ পৰিপ্রেক্ষিতত শেহতীয়াকৈ বিধানসভা কর্তৃপক্ষই ৰাজধানী দিছপুৰত উপযুক্ত চৰকাৰী আৱাস দিব নোৱাৰা বিধায়কসকলক মাহে ২৫ হাজাৰ টকাকৈ ঘৰভাৰা দিয়াৰ ব্যৱস্থা কৰিছে৷
বিধানসভাৰ অধ্যক্ষ ভিশ্বজিৎ দৈমাৰীয়ে আজি সংবাদ মাধ্যমৰ আগত এই সম্পর্কত কয় যে– ১২৬জনীয়া অসম বিধানসভাৰ সদস্যসকলৰ পৰা মন্ত্রীসকলক বাদ দি বিধায়ক অৱাসৰ বাবে ১০৭টামান ফ্লেটৰ প্রয়োজন৷ কিন্তু নতুনকৈ নির্মাণ কৰা অট্টালিকাকেইটাত ৬০টাহে ফ্লেট আছে৷ সেই অনুসৰি প্রতিগৰাকী বিধায়কক ফ্লেটত ৰাখিবৰ বাবে আৰু ৪৫টাৰো বেছি ফ্লেটৰ প্রয়োজন৷ ইয়াৰ বাবে পুৰণি অসম আর্হিৰ আৱসাসমূহ ভাঙি সেই স্থানত নুতনকৈ অট্টালিকা নির্মাণ কৰিব লাগিব৷
সেয়ে তেওঁ যিসকল বিধায়কৰ গুৱাহাটীত ঘৰ বা ফ্লেট আছে, তেওঁলোকক নিজা ঘৰ, ফ্লেটত থকাৰ আহ্বান জনাই কয় যে ইয়াৰ বাবে বিধানসভা কর্তৃপক্ষই তেওঁলোকক মাহে ঘৰভাৰা হিচাপে ২৫ হাজাৰ টকাকৈ আদায় দিব৷ আনহাতে, অহা ১২ জুলাইৰ পৰা হ’বলগীয়া বিধানসভাৰ বাজেট অধিৱেশনৰ আগে আগে বিধায়সকলৰ অধিকাৰৰ লগতে সদনৰ প্রক্রিয়া আৰু কার্যপ্রণালীৰ কি কি ব্যৱস্থাৰ অধীনত সদনৰ মজিয়াত বিষয়বস্তু উত্থাপন কৰিব, সেই সম্পর্কত প্রশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব বুলি অধ্যক্ষ দৈমাৰীয়ে জানিবলৈ দিয়ে৷ অভিজ্ঞ ব্যক্তিৰ জৰিয়তে বিধায়সকলক সেই অধিকাৰ সম্পর্কত সচেতন কৰাৰ লগতে বিধায়সকলে বাজেটৰ ওপৰত হ’বলগীয়া আলোচনাত কেনেধৰণে অংশগ্রহণ কৰিব, সেই বিষয়েও অৱগত কৰিব৷