নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড মহামাৰীৰ সময়ত কেন্দ্র ৰাজ্যৰ ভাগীদাৰীক ভূয়সী প্রশংসা মোদীৰ

লিংকেডিনৰ ব্লগ পোষ্টত প্রধানমন্ত্রী মোদীৰ লেখা

নিয়মীয়া বাৰ্তা ২৩ জুনঃ ক’ভিড মহামাৰীৰ সময়ত সৃষ্ট প্রত্যাহ্বান আৰু সংস্কাৰৰ বিষয়ে কেইবাটাও গুৰুত্বপূর্ণ মন্তব্য আগবঢ়াইছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ লিংকেডিনৰ ব্লগ পোষ্টত ‘আস্থা আৰু উদ্দীপনাৰ দ্বাৰা সংস্কাৰ’ শীর্ষক লেখাত প্রধানমন্ত্রী মোদীয়ে কয়– ক’ভিড মহামাৰীৰ সময়ত কেন্দ্র–ৰাজ্যৰ ভাগীদাৰী আৰু সম্পদৰ উপলব্ধতাৰে ‘আস্থা আৰু উদ্দীপনা’ৰ দ্বাৰা সংস্কাৰ প্রশাসনৰ নতুন মডেল হৈছে৷ আজি ব্লগ পোষ্টত প্রধানমন্ত্রীৰ লেখাত প্রকাশ পোৱা মতে ক’ভিড–১৯ মহামাৰী আৰু বিশ্বজুৰি বিত্তীয় সংকট নামি অহাৰ সময়তো ভাৰতে ২০২০–২১ বর্ষত গুৰুত্বপূর্ণভাৱে ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম হৈছে৷

এই বর্ষটোত ৰাজ্যসমূহে অতিৰিক্তকৈ ১.০৬ লাখ কোটি টকা ঋণ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে৷ দেশৰ সম্পদৰ উপলব্ধতাক বৃদ্ধিৰ জৰিয়তে কেন্দ্র–ৰাজ্যৰ ভাগীদাৰীৰ বাবেই এয়া সম্ভৱ কৰি তুলিব পৰা গৈছে৷ ক’ভিড–১৯ মহামাৰীয়ে বিশ্বৰ দেশসমূহক নীতি গ্রহণৰ ক্ষেত্রত নতুন প্রত্যাহ্বান আনি দিছে৷ এইক্ষেত্রত ভাৰতো ব্যতিক্রম নহয়৷ এই প্রত্যাহ্বানৰ মাজতে ভাৰতে জনগণৰ কল্যাণৰ কাৰণে বৃহত্তম প্রত্যাহ্বানৰ অন্যতম বহন ক্ষমতাক নিশ্চিত কৰি সম্পদ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে৷

You might also like