অইলৰ পৰিত্যক্ত অন্ধ্ৰপ্ৰদেশৰ ডংগেৰু আৰু ৰাজস্থানৰ পুনম তৈলক্ষেত্ৰ দুখনৰ নিবিদা মুকলি ডিজিএইচৰ
নিয়মীয়া বাৰ্তা, ২৩ জুনঃ শেহতীয়াকৈ কেন্দ্ৰীয় আৰু গেছ মন্ত্ৰণালয়ৰ অধীনস্হ ডাইৰেক্টৰ জেনেৰেল অৱ হাইড্ৰ’কাৰ্বনৰ দ্বাৰা মুকলি কৰা অইল ইণ্ডিয়া আৰু অ’এনজিচিৰ ক্ষুদ্ৰ আৱিষ্কৃত তৈলক্ষেত্ৰসমূহৰ তৃতীয় পৰ্যায়ৰ নিলাম প্ৰক্ৰিয়াত অইল ইণ্ডিয়াৰ বহিঃৰাজ্যৰ দুখন পৰিত্যক্ত তৈলক্ষেত্ৰ অঞ্চল অন্তভূৰ্ক্ত হৈছে । কিন্তু অ’এন জি চিৰ ক্ষেত্ৰত নিলামৰ বাবে মুকলি কৰা তৈলক্ষেত্ৰ অঞ্চল সমূহ গৰিষ্ঠসংখ্যকেই অসম তথা উত্তৰ-পূৰ্বাঞ্চলতে অৱস্হিত । ইয়াৰ বিপৰীতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰা অইল ইণ্ডিয়াৰ এখনো তেল-গেছৰ ব্লক নিলাম প্ৰক্ৰিয়াত অন্তভূৰ্ক্ত হোৱা নাই । অইলে লোকচানমুখী উৎপাদনৰ বাবে বিগত ২০১৯-২০ বৰ্ষতে পৰিত্যাগ কৰা অন্ধ্ৰপ্ৰদেশৰ কৃষ্ণা-গোদাবৰী অৱবাহিকা আৰু ৰাজস্হানৰ পুনম তৈলক্ষেত্ৰ অঞ্চল দুটা পুনৰ নিলামৰ বাবে ভাৰত চৰকাৰে আগ্ৰহী প্ৰতিষ্ঠানৰ পৰা নিবিদা আহ্বান কৰিছে ।
উল্লেখযোগ্য যে ২০১৪-১৫ চনতে কেন্দ্ৰীয় চৰকাৰৰ পেট্ৰ’লিয়াম নীতি New Exploration Licensing Policy (NELP) ৰ অধীনত অন্ধ্ৰপ্ৰদেশৰ ডংগেৰু (KG- ONN-2004/1) তৈলক্ষেত্ৰ অঞ্চলটোৰ স্বত্ব অইল ইণ্ডিয়াই লাভ কৰিছিল । সেইদৰে ২০১২-১৩ চনত একে নীতিৰ আধাৰত ৰাজস্হানৰ “হেভী অইল”যুক্ত পুনম (RJ – ONN-2004/2) ব্লকৰ স্বত্ব লাভ কৰিছিল অইল ইণ্ডিয়াই । লক্ষণীয় যে উক্ত দুইখন সম্ভাৱনাপূৰ্ণ তৈলক্ষেত্ৰ অঞ্চলত অইলে তেল-গেছ উৎপাদন কৰি কেতবোৰ বিভিন্ন নীতিগত কাৰণত লাভ আদায় কৰিব নোৱাৰাৰ ব্যৰ্থতাত ব্লক দুটা এৰিবলৈ বাধ্য হয় । আৰ্থিকভাৱে বৃহৎ ক্ষতিৰ সন্মুখীন হোৱাৰ বাবে অইলে পৰিত্যাগ কৰা উক্ত তৈলক্ষেত্ৰ অঞ্চল দুটা পৰৱৰ্তী সময়ত ভাৰত চৰকাৰৰ হাতলৈ হস্তান্তৰিত হয় ।
উল্লেখযোগ্য যে অনিচ্ছাসত্বেও বিত্তীয় সংকটৰ বাবে এৰি দিয়া অইল-অ’এন ছি চিৰ সম্ভাৱনাপূৰ্ণ তৈলক্ষেত্ৰ অঞ্চল সমূহ ভাৰত চৰকাৰে পুনৰ নিলামৰ বাবে ইতিমধ্যে নিবিদা প্ৰক্ৰিয়া আৰম্ভ কৰিছে । এইক্ষেত্ৰত ডি জি এইচৰ দ্বাৰা মুকলি কৰা নিবিদা প্ৰক্ৰিয়াত অন্যান্য পুঁজিপতি ব্যক্তিগত প্ৰতিষ্ঠানৰ লগতে পুনৰ অইল-অ’এনজিচি প্ৰতিষ্ঠানেও যাতে অংশগ্ৰহণৰ আগ্ৰহ প্ৰকাশ কৰে তাৰবাবে ভাৰত চৰকাৰে প্ৰতিষ্ঠানসমূহৰ আগ্ৰহ বৃদ্ধিৰ লক্ষ্যৰে কিছুমান পুৰণি পেট্ৰ’লিয়াম নীতি সংশোধন তথা সালসলনি প্ৰয়োগ কৰিছে । এইক্ষেত্ৰত ভাৰত চৰকাৰৰ “টেক্স ৰিলিফ” কৌশল অন্যতম হিচাপে বিবেচিত হৈছে ।
যোৱা ১০ জুনত অনলাইন যোগে ডি এচ এফ তৃতীয় পৰ্যায়ৰ নিলাম প্ৰক্ৰিয়া মুকলি কৰা লগতে অহা ৩০ জুনত ভাৰ্চুৱেল প্ৰি-বিড কনফাৰেঞ্চ অনুষ্ঠিত হ’ব । পুনৰ অহা ১ আগষ্টত ডি জি এইছৰ বিডিং পৰ্টেলৰ যোগেদি নিবিদা গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগতে ৩১ আগষ্টত আগ্ৰহী প্ৰতিষ্ঠানসমূহৰ নিবিদা গ্ৰহণৰ সামৰণি পৰিব । এইক্ষেত্ৰত অইল ইণ্ডিয়াই ভাৰত চৰকাৰৰ নতুন পলিচিৰ অধীনত পুনৰায় পৰিত্যক্ত তৈলক্ষেত্ৰ অঞ্চল দুটাৰ নিবিদা প্ৰক্ৰিয়াত অংশগ্ৰহণৰ সুযোগ লাভ কৰিব । ইতিমধ্যে অইল ইণ্ডিয়াই অ’এন জিচিৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ তৈলক্ষেত্ৰসমূহ নিজৰ হাতলৈ অনাৰ পোষকতা কৰিছে । ইয়াৰ বাবে অসম চৰকাৰে ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে ।